Home Editor's Pick ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ৰক্তচাপ-হৃদৰোগীৰ সংখ্যা : চৰকাৰীখণ্ডত পৰ্যাপ্ত কেথলেব নথকাত ব্যয়বহুল...

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ৰক্তচাপ-হৃদৰোগীৰ সংখ্যা : চৰকাৰীখণ্ডত পৰ্যাপ্ত কেথলেব নথকাত ব্যয়বহুল হৈছে চিকিৎসা

194
0

✍️ হিমাংশু অনুপম

৩০ এপ্ৰিলঃ অকল অসম বা ভাৰতবৰ্ষই নহয় সমগ্ৰ বিশ্বতে গ্ৰnত গতিত বৃদ্ধি ঘটিছে কাৰ্ডিঅ’ ভাচকুলাৰ ৰোগীৰ সংখ্যা৷ প্ৰতিবছৰে ভাৰতত প্ৰায় ৫৪.৫ লাখ ৰোগী কাৰ্ডিঅ’ ভাচকুলাৰ ৰোগ যেনে- হৃদৰোগ, উচ্ছ ৰক্তচাপ আদিত ভোগে৷ আধুনিক সমাজত কায়িক৷ ম হ্ৰাস হোৱা, ব্যৱসায়-কাৰ্যালয় আদিৰ চিন্তা, অধিক কেলৰিযুক্ত খাদ্য, সুৰাপান, ধূৰ্মপান আদিৰ বাবে ক্ৰমশঃ এই ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷ ভাৰতত এক লাখ লোকৰ ভিতৰত ২৭২ জন লোকৰ মৃত্যু এনে ৰোগৰ বাবে হয়৷ চিন্তনীয় বিষয় এই যে- বিশ্বত ৰ লাখ লোকৰ মাজত ২৩৫ জনৰ কাৰ্ডিঅ’ ভাচকুলাৰ ৰোগত মৃত্যু ঘটে৷ লক্ষণীয় বিষয় যে বিশ্বত এনে ৰোগত মৃত্যুৰ হাৰত কৈ ভাৰতত মৃত্যুৰ হাৰ ৩৭ জন বেছি৷ ভাৰতত এনে মৃত্যুৰ ভিতৰত ৮০ শতাংশ ছিছমিক হৃদৰোগ আৰু ষ্ট্ৰ’কৰ বাবে হয়৷ আনহাতে অসমতো প্ৰতিদিনে উচ্ছ ৰক্তচাপ আৰু হৃদৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ ৰাজ্যখনত উচ্ছ ৰক্তচাপ প্ৰাণহানিকৰ ৰোগলৈ পৰিণত হৈছে৷ অসমত খাদ্যত নিমখৰ ব্যৱহাৰ অধিক৷ ৰাজ্যবাসীয়ে বিশ্ব স্বাস্থ্য সংস্থই নিৰূপন কৰা মানতকৈ জ্জ্ব গুণ অধিক নিমখ খাদ্যৰ সৈতে গ্ৰহন কৰে৷ তদুপৰি ভাত খোৱাৰ সময়তো কেঁচা জলকীয়াৰে কেঁচা নিমখ খোৱা পৰম্পৰা আগৰে পৰাই অসম তথা উত্তৰ পূৱত চলি আহিছে৷ উল্লেখ্য যে দৈনিক প্ত গ্ৰামতকৈ অধিক নিমখ খালে কৰ’নাৰি হৃদৰোগ, ৰক্তচাপ আদি ৰোগৰ সম্বাৱনীয়তা বৃদ্ধিপায়৷ আনপিনে জাতি-জনজাতিৰে ভৰা অসমত ঘৰুৱাভাবে তৈয়াৰ কৰা চাউলৰ মদ খোৱাৰ পৰম্পৰা আছে৷ একেদৰে অধিক চৰ্বযুক্ত আৰু কেলৰিযুক্ত মাংস যেনে- হাঁহ, গাহৰি ৰাজ্যখনত প্ৰচলিত৷ যি ৰক্তচাপ বৃদ্ধিত সহায় কৰে৷ ৰাজ্যখনত উচ্ছ ৰক্তচাপ বাবে ষ্ট্ৰ’ক হোৱাৰ সংখ্যা অধিক৷ আনকি বলিউড ষ্টাৰ তথা অসম সন্তান অংগৰাগ পাপন মহন্তৰ মাতৃ বিিশষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তয়ো উচ্ছ ৰক্তচাপৰ ফলত ষ্ট্ৰ’ক আক্ৰান্ত হৈ খানাপাৰাস্থিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হেলথ চিটিত বহুদিন চিকিৎসাধীন হৈ আছিল৷ হৃদৰোগ বিভাগত বিশেষ পাৰদৰ্শিতা থকা হেলথ চিটিত বিগত বৰ্ষত ৫৩৮ জন ষ্ট্ৰ’কত আক্ৰান্ত ৰোগীক ভৰ্তি কৰা হৈছিল৷ আনহাতে বিগত বৰ্ষত ব্যক্তিগতখণ্ডৰ চিকিৎসালয় খনত ৯৮৯ জন হৃদৰোগত আক্ৰান্ত ৰোগী ভৰ্তি হৈছিল৷ আনপিনে চৰকাৰী চিকিৎসালয় সমূহতো এইৰোগীৰ সংখ্যা যথেষ্ট৷ পৰিসংখ্যা অনুসৰি ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অপিডিত ২০১৯ চনৰ অে“াৱৰ মাহৰ পৰা ২০২০চনৰ ছেপ্তেম্বৰ মাহলৈ হৃদৰোগ বিভাগত ৫৭২৩জন, স্নায়ুৰোগ বিভাগত ৩২৩২ জন আৰু কাৰ্ডিঅ’থ্ৰ’ীৰচিক বিভাগত ১০৯৩ জন ৰোগীয়ে চিকিৎসয়া গ্ৰহণ কৰিছিল৷ আনহাতে চৰকাৰী চিকিৎসা মহাবিদ্যালয়খনত অন্তঃবিভাগত২০১৯ চনৰ অে“াৱৰ মাহৰ পৰা ২০২০চনৰ ছেপ্তেম্বৰ মাহলৈ হৃদৰোগ বিভাগত ১৮৪৬জন, নিউৰ’ছাৰ্জাৰি বিভাগত ১১৯ জন আৰু কাৰ্ডিঅ’থ্ৰ’ীৰচিক বিভাগত ৯১জন ৰোগীক ভৰ্তি কৰোৱা হৈছিল৷ লক্ষনীয় যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে দৰিদ্ৰ আৰু মধ্যবৃত্তৰ ে৷ ণীৰ এনে ৰোগীৰ ভাৰ ল’বলগা হয়৷ ৰোগীৰ সংখ্যা অধিক হোৱাত যথেষ্ট আহুকালৰ সৃষ্টি হোৱাও পৰিলক্ষিত হয়৷ বিশেষ কৈ হাৰ্ট এটেক হ’লে ইয়াৰ পৰীক্ষণ আৰু ষ্টেন বহুৱাৰ বাবে চৰকাৰী খণ্ডত একমাত্ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে ভৰসাৰ স্থল৷ এই দুখন চিকিৎসা মহাবিদ্যালয়ৰ বাদে ৰাজ্যৰ অন্য চিকিৎসা মহাবিদ্যালয়ত কেথ’ লেব নাই৷ যাৰ বাবে  জৰুৰীকালীন অৱস্থাত এনে ৰোগীয়ে গঠিৰ ধন ভাগি ব্যক্তিগত চিকিৎসালয়ত এনে অপাৰেচন কৰিব লগা হয়৷ আনহাতে কেথ লেব থকা এই দুখন চিকিৎসা মহাবিদ্যালয় ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত আৰু দুয়োখনৰ মাজৰ দূৰত্ব প্ৰায় ৬০০ কিলোমিটাৰ৷ একেদৰে ৰাজধানীৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰৈত বৰাক উপত্যকাত অৱস্থিত শিলচৰ মেডিকেল কলেজতো নাই কেথ লেব৷ এনে স্থানত কোনো যদি হাৰ্ট এটেকৰ সন্মুখীন হয় আৰু চৰকাৰী স্বাস্থ্যকেন্দ্ৰত অপাৰেচন কৰিব লাগে তেন্তে তেওঁ জ্জ্ব-১০ ঘণ্টা যাত্ৰা কৰি আহিব লাগিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ৷ যি এক চিন্তনীয় বিষয়৷ এইক্ষেত্ৰত ৰোগীৰ প্ৰাণৰক্ষা কৰিবলৈ হলে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত কেথ লেৱৰ ব্যৱস্থা থকা উচিত৷ তদুপৰি জনসংখ্যাৰ ওপৰত ভিত্তিকৰি ১০০ কিলোমিটাৰ ব্যৱধান সমৰি প্ৰতি তিনিখন জিলাৰ ভিতৰত যিকোনো এখন চৰকাৰী চিকিৎয়ালয়ত কেথ লেব আৰু হৃদৰোগ বিভাগ সজা উচিত কিয়নো হাৰ্ট এটেকত আক্ৰান্ত ৰোগীক ততালিকে চিকিৎসা দিব নোৱাৰিলে প্ৰাণ বচোৱা কঠিন হৈ পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here