Home Main Stories ৰাজ্যত নতুন কোভিড নীতি নিৰ্দেশনা : কাইলৈ পৰা বলৱৎ হ’বলগীয়া নিৰ্দেশনাত কি...

ৰাজ্যত নতুন কোভিড নীতি নিৰ্দেশনা : কাইলৈ পৰা বলৱৎ হ’বলগীয়া নিৰ্দেশনাত কি কি আছে ?

42
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ মে’ :  সৰ্বত্ৰ এতিয়া কোৰোনাৰ আতংক। মহামাৰী কোৰোনাই ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণকৰিছে। দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। সমান্তৰালভাৱে ২৪ ঘণ্টাত ৰাজ্যত প্ৰায় ৩০জনকৈ লোকে কোৰোনাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে। কোৰোনাৰ এই ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সন্ধিয়া ৬ বজাৰ পিছত সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে। স্বাস্থ্য বিভাগে আজি কোৰোনাৰ এই ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দেশনাৰ কিছু সালসলনি ঘটাইছে। সন্ধিয়া ৬ বজাৰ পৰিৱৰ্তে দিনৰ ২ বজাৰ ভিতৰতেই সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিব লাগিব। অৰ্থাৎ দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈকে বন্ধ থাকিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। নিশা ৮ বজাৰ পৰা সান্ধ্য আইন ঘোষণা কৰিছিল যদিও কাইলৈৰ পৰা সন্ধিয়া ৬ বজাৰ পৰাই বলৱৎ হ’ব সান্ধ্য আইন। এইক্ষেত্ৰত জৰুৰী সেৱাসমূহ সান্ধ্য আইনৰ সময়তো অব্যাহত থাকিব। উল্লেখ্য যে আজি মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ক্ষমতাসম্পন্ন সমিতিৰ বৈঠকত ক’ভিড পৰিস্থিতিৰ ওপৰত সামগ্ৰিকভাৱে পৰ্যালোচনা কৰি নতুন নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে।

 নতুন নিৰ্দেশনা অনুসৰি দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বিয়লি ২ বজাৰ পৰা বন্ধ থাকিব। ব্যক্তিগত খণ্ড আৰু চৰকাৰী কাৰ্যালয় বিয়লি ২ বজাত বন্ধ কৰিব লাগিব। অৱশ্যে অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱা প্ৰদান কৰা সংগঠন- প্ৰতিষ্ঠান, আন প্ৰৱৰ্তনকাৰী সেৱা আৰু নিৰ্বাচনী কাম আদিৰ সৈতে জড়িতসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। কোনো ৰাজহুৱা স্থান বা ৰাজহুৱা ভৱন জাতীয় গৃহত কোনো সভা আৰু মানুহ একত্ৰিত হ’বলৈ অনুমতি দিয়া নহ’ব। বিবাহৰ অনুষ্ঠানত সৰ্বাধিক ২০জন ব্যক্তিৰ উপস্থিতিৰে কেৱল ধৰ্মীয় আচাৰসমূহ সম্পন্ন কৰিবলৈহে অনুমতি দিয়া হ’ব। বিবাহৰ আগত বা পিছত কোনো অভ্যৰ্থনা পাৰ্টী আদিৰ আয়োজন কৰিব নোৱাৰিব। যিকোনো সময়তে ধৰ্মীয় স্থানত পাঁচজনতকৈঅধিক ব্যক্তি উপস্থিত থাকিব নোৱাৰিব। অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তিসকলৰ বাহিৰে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজহুৱা স্থানত অন্য কোনো ব্যক্তি থাকিব নোৱাৰিব। জিলাসমূহত দণ্ডাধীশ আৰু গুৱাহাটীত আৰক্ষী আয়ুক্ত ১৪৪ ধাৰাৰ অধীনত কাৰ্যকৰী হোৱাকৈ এ নিৰ্দেশসমূহ জাৰি কৰিছে। ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্যান্য হোটেলসমূহ বিয়লি ২ বজালৈকে গ্ৰাহকৰ বাবে খুলিব পাৰিব। অৱশ্যে আবেলি ৬ বজালৈকে ঘৰুৱা খাদ্যৰ ক্ষেত্ৰত হোম ডেলিভাৰীৰ অনুমতি দিয়া হৈছে। হোটেল বা ৰিজ’ৰ্টৰ ভিতৰত চলি থকা ৰেষ্টুৰেণ্টবোৰ বিয়লি ২ বজালৈকে বাহিৰৰ পৰা যোৱা দৈনিক গ্ৰাহকৰ বাবে উপলব্ধ হ’ব।

অৱশ্যে হোটেল-ৰিজ’ৰ্টত অৱস্থান কৰি থকা আভ্যন্তৰীণ অতিথিসকলক পূৰ্বৰ দৰেহ× সেৱা আৰু খাদ্যৰ যোগান ধৰিবলৈ দিয়া হ’ব। -কমাৰ্চৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কল যথোপযুক্তভাৱে পালন কৰিব লাগিব। বিয়লি ২ বজাৰ পিছতো শীতল ভঁৰাল আৰু ৱেৰহাউছ খোলা ৰাখিব পাৰিব। অৱশ্যে এ ৱেৰহাউছ বা শীতল ভঁৰালৰ সৈতে সংলগ্ন বিক্ৰী কাউণ্টাৰ, শ্ব’ৰুম আদি বিয়লি ২ বজাৰ পিছত বন্ধ কৰিব লাগিব। ক’ভিড পজিটিভ লোক থকা এলেকাটো জিলা দণ্ডাধীশসকলে কণ্টেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব। য়াৰ লগতে জিলা বা চহৰসমূহত ক’ভিড-১৯ৰ পৰীক্ষা পাৰ হৈ যোৱা সপ্তাহটোতকৈ পজিটিভিৰ হাৰ ১০ শতাংশ বা ততোধিক হ’লে আৰু অক্সিজেনৰ বিছনা বা আ চি উ বিছনা ৬০ অতিক্ৰম কৰে, তেতিয়াও কণ্টেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব পাৰিব। আনহাতে ক’ভিড প্ৰতিৰোধৰ ক্ষেত্ৰত জিলাসমূহক ২৫ এপ্ৰিল (২০২১) তাৰিখে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি কঠোৰ প্ৰতিবন্ধকতা বলৱৎ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মঙলবাৰে জাৰি কৰা এ নিৰ্দেশসমূহ বুধবাৰৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলৱৎ হৈ থাকিব বুলি কোৱা হৈছে নিৰ্দেশনাটোত। সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিব পাৰিব। গৰ্ভৱতী মহিলা তথা পাঁচ বছৰীয়া শিশু থকা মহিলা কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰাৰ সুবিধা লাভ কৰিব। ইপিনে সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠদান অনলাইনৰ জৰিয়তে অনুষ্ঠিত হ’ব। অট’ৰিক্সা, ৰিক্সা, টেক্সিয়ে দুজন যাত্ৰীহে কঢ়িয়াব পাৰিব। আনহাতে আন্তঃজিলা আৰু জিলাৰ ভিতৰত চলাচল কৰা চিটীবাছসমূহে ৫০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব। যাত্ৰীসমূহৰ লগতে বাছৰ কৰ্মচাৰীসকলে মাস্ক পিন্ধাটো বাধ্যতামূলক হোৱাৰ লগতে ছেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব। পৰৱৰ্তী নিৰ্দেশনা নোহোৱালৈকে এই নিষেধাজ্ঞা অব্যাহত থাকিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here