Thursday , August 13 2020
শেহতীয়া খবৰ

ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত হৈ পাঁচজনৰ মৃত্যু

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ জুলাই ঃ মাৰাত্মক কোৰোনা ভাইৰাছে ৰাজ্যত শেহতীয়াকৈ জটিল ৰূপ ধাৰণ কৰিছে। দৈনিক বৃদ্ধি পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা। ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ একপ্ৰকাৰ ৰাজধানী গুৱাহাটী মহানগৰীত কোৰোনাই গণসংক্ৰমণৰ ৰূপ লৈছে। বিগত এটা সপ্তাহত প্ৰায় তিনি হাজাৰ লোক কোৰোনাত আক্ৰান্ত হৈছে। কাইলৈৰ দিনটোত দুজন লোক কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত আজি পুনৰবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাৰিজন লোকে প্ৰাণ হেৰুৱাই। কোৰোনাত আক্ৰান্ত হৈ কালি পুৱতি নিশা চাৰিজন লোকৰ মৃত্যু হোৱা বিষয়টোক লৈ এতিয়া সৰ্বত্ৰে আতংকৰ সৃষ্টি হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোককেইজন ক্ৰমে মহানগৰীৰ লালগণেশৰ হৰিপ্ৰসাদ মণ্ডল (৬৮), হেদায়াৎপুৰৰ ছফিকুল ৰহমান (৬০), কাহিলিপাৰাৰ উৎপৰ কুমাৰ চলিহা (৭৫), আৰু বৰপেটা পাটাছাৰকুছিৰ ৰমণি মজুমদাৰ (৬০)। জি এম চি এইচত মৃত্যু হোৱা কালি পুৱতি নিশা দুই বজাৰ পৰা পাঁচ বজাৰ ভিতৰত মৃত্যু হোৱা লোককেইজন ৬০ৰ ঊধৰ্বৰ। ইপিনে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালতো এজন যুৱক কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ওদালগুৰিৰ মাজবাটৰ জিতেন্দ্ৰ প্ৰসাদ (৩০) আজি কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

যোৱা সাত জুলাইত টি এম চি এইচত ভৰ্তি হৈছিল জিতেন্দ্ৰ প্ৰসাদ নামৰ যুৱকজন। আজি হঠাৎ কোৰোনাত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। মূলতঃ যোৱা দুটা দিনত কোৰোনাত আক্ৰান্ত হৈ সাতজন লোকে মৃত্যুক আকোৱালি লৈছে। অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২১লৈ বৃদ্ধি পাইছে। আটাইকেইজন আই চি ইউত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে। ইপিনে ৰাজধানী গুৱাহাটী মহানগৰীত কোৰোনাৰ গণসংক্ৰমণে এতিয়া আন জিলাসমূহতো আতংকৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ পৰা যোৱা লোকসকলক দহখন জিলাত প্ৰৱেশত নিষিদ্ধ ঘোষণা কৰিছে। গুৱাহাটীৰ লগে লগে আন জিলাসমূহত কোৰোনা বিয়পাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তই ইতিমধ্যে গুৱাহাটীৰ পৰা অহা লোকসকলৰ প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। উক্ত জিলাখন ক্ৰমে মৰিগাঁও, নগাঁও, ডিব্ৰুগড়, কোকৰাঝাৰ, বিশ্বনাথ চাৰিআলি, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমাৰা, তিনিচুকীয়া আৰু বৰপেটা জিলা। এই জিলাসমূহত গুৱাহাটীৰ কোনো লোকে এতিয়াৰে পৰা প্ৰৱেশ কৰিব নোৱাৰিব। উল্লেখ্য যে যোৱা কালি ৰাজ্যত ৮১৪জন কোৰোনা ৰোগীৰ চিনাক্ত হৈছিল। উক্ত ৰোগীসকলৰ ভিতৰত ৫৮৮জনেই গুৱাহাটী মহানগৰীৰ আছিল। দৈনিক পাঁচ শতাধিকতকৈ অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে সৰ্বাধিক ৰাজধানী মহানগৰীৰ।

মহানগৰীত গণসংক্ৰমণ প্ৰতিৰোধৰ বাবে ৩১টা ৱাৰ্ডত শ্বোৱাব পৰীক্ষা কেন্দ্ৰ স্থাপন কৰাৰ লগতে পাণ্ডু, মালিগাঁও অঞ্চলত আৰম্ভ হৈছে সমূহীয়া শ্বোৱাব সংগ্ৰহ অভিযান। ইপিনে আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়ৰ্ুবেদকি মহাবিদ্যালয় আৰু সৰুসজাই ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰি যাৱতীয় পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শনকালত চিকিৎসকসকলক সাক্ষাৎ কৰি বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰে। একেদৰে ক’ভিড -১৯ৰ বিৰুদ্ধে চলা যুঁজখন কঠিন হোৱাৰ লগতে দীঘলীয়া হ’ব। কিন্তু দৃঢ় সংকল্প আৰু আত্মবিশ্বাসৰ বলত আমি জয়ী হ’মেই বুলি মন্ত্ৰীগৰাকীয়ে টুইটাৰৰ জৰিয়তে ঘোষণা কৰে। আনহাতে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুয হাজৰিকাই আজি জি এম চি এইচত উপস্থিত হৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কৰ্ম-কাণ্ডক লৈ সৰৱ হৈ পৰে। যিসকল কোৰোনা ৰোগীয়ে ধন ব্যয় কৰিব নোৱাৰে সেইসকল ৰোগীক নিশাৰ ভাগত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জি এম চি এইচত পেলাই থৈ যায় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যদি কোনো হাস্পতালে এনে কাম কৰে তেন্তে তেওঁলোকৰ অনুজ্ঞা বাতিল কৰাই নহয়, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বৰ্তমান ৰাজ্যত কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ১৩৩৩৬। আৰোগ্য হৈছে ৮৩২৮। ৪৯৮৮জন কোৰোনা ৰোগী চিকিৎসাধীন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *