শেহতীয়া খবৰ

ৰাজ্যত পুনৰ ১৬ গৰাকীৰ দেহত কোৰোনা ভাইৰাছ, হোজাইত ৮ জন, শোণিতপুৰত ২ জন, কমৰূপত ৪, কামৰূপ(গ্ৰা) -নগাঁওত এজনকৈ ৰোগী চিনাক্ত

১৭০ লৈ বৃদ্ধি কোৰোনা আক্ৰান্তৰ  সংখ্যা,  সোণাপুৰ-কালাপাহাৰ চিকিৎসালয়ত অধিক ৰোগীৰ বাবে সাজু কৰাৰ নিৰ্দেশ

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ অসম ভয়াৱহ পৰিস্থিতিৰ পিনে গতি কৰিছে। কালি ৩৯জন ৰোগী ধৰা পৰাৰ পিছত বিগত ২৪ ঘণ্টাত পুনৰ ১৬জনকৈ লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছে। কালি মাজনিশা সৰুসজাইত পুনৰ ৩জন ৰোগী ধৰা পৰিছিল। সৰুসজাইৰ কোৱাৰেনটাইন শিবিৰত থকা ৩জন ব্যক্তিৰ শৰীৰত কোৰোনা ভাইৰাছ ধৰা পৰে।

ইপিনে কালি নিশা সৰুসজাইৰ কোৰোনা চেণ্টাৰৰ পৰা নলবাৰীৰ হামিদুল আহমেদ, ছাহজাহাল আলী আৰু হোজাইত মহম্মদ ছাইদুল আলম নামৰ তিনিজন কোভিড ৰোগী সৰুসজাইৰ পৰা পলায়ন কৰিছিল যদিও কালি নলবাৰী আৰক্ষী আৰু হোজাই আৰক্ষীৰ তৎপৰতাত তিনিওজন ৰোগীকে আটক কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত নলবাৰী আৰু হোজাই আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এনে কাণ্ডৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইপিনে আজি বিয়লিৰ ভাগত আন ১৩টা ঘটনা পোহৰলৈ আহে। আজি বিয়লিৰ ভাগত হোজাইত ৮জন, শোণিতপুৰত ২জন, কামৰূপ মহানগৰত এজন, কামৰূপ গ্ৰাম্যত এজন আৰু নগাঁৱত এজন ৰোগী চিনাক্ত হোৱাৰ পিছত সম্প্ৰতি ৰাজ্যত ১৭০লৈ বৃদ্ধি পাইছে কোৰোনা ৰোগীৰ সংখ্যা।

ইপিনে আজি ৭জন কোৰোনা ৰোগী আৰোগ্য হোৱাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হয়। জিএমচিএইছৰ চিকিৎসক ডাঃ লিথিকেশ দাসসহ সাতজন ৰোগীক যাবলৈ দিয়াৰ পিছতে ৰাজ্যত আৰোগ্যৰ সংখ্যা ৪৮জনলৈ বৃদ্ধি পাইছে। আজি যোৰহাট মেডিকেল কলেজৰ পৰা আন দুজন ৰোগী আৰু শিলচৰ মেডিকেল কলেজৰ পৰা চাৰিজন ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়। ইপিনে ৰাজ্যত দ্ৰুত গতিত কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱালৈ লক্ষ্য কৰি ৰাজ্য চৰকাৰে সোণাপুৰ অসামৰিক চিকিৎসালয় আৰু কালাপাহাৰ চিকিৎসালয়ত অনাগত সময়ত অধিক কোভিড ১৯ৰোগী চিকিৎসাৰ অৰ্থে সাজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা জানিবলৈ দি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ইতিমধ্যে দুয়োখন চিকিৎসালয় পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতি ক্ষীপ্ৰগতিৰে আৰম্ভ কৰাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *