Friday , September 25 2020
শেহতীয়া খবৰ

ৰাজ্যত মূল্যবৃদ্ধিত অতিষ্ঠ ৰাইজ অসাৰ যোগানমন্ত্ৰী, কৃষিমন্ত্ৰীৰ ঘোষণা

অলিয়ে গোলিয়ে অটোভান-ঠেলাত বিক্ৰী হৈছে বৰ্দ্ধিত মূল্যত শাক-পাচলি

দৈনিক গণঅধিকাৰঃ ৰাজ্যত শাক-পাচলিকে আদি কৰি নিত্য ব্যৱহাৰযোগ্য সামগ্ৰী আকাশলãঘী মূল্যবৃদ্ধিয়ে এতিয়া ৰাইজক জলকা-জুলুকে পানী খুৱাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানৱীয়তাৰ খাতিৰত লকডাউনৰ সময়ছোৱাত ৰাইজক শোষণ নকৰিবলৈ ব্যৱসায়সকলক আহবান জনাইছে। আনহাতে ৰাজ্যত যোগানমন্ত্ৰী, কৃষিমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে মূল্যবৃদ্ধিকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বাৰম্বাৰ উল্লেখ কৰাৰ পিছতো এতিয়া কোৰোনাৰ বিভিষিকা সময়ত আৰ্থিক মুনাফা লোৱাৰ বাবে উঠি পৰি লাগিছে একাংশ অসাধু ব্যৱসায়ীয়ে।

কৃষিমন্ত্ৰী অতুল বৰাই কালি পামহিত উপস্থিত হৈ পাইকাৰী আৰু খুচুৰা মূল্য নিৰ্দ্ধাৰণ কৰিছিল যদিও আজি কোনো কাৰণতে প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা পালন কৰা দেখা নগ’ল। অৱশ্যে মহানগৰীত ৯২টা স্থানত প্ৰশাসনে চৰকাৰী নিৰ্দ্ধাৰিত দাম অনুসৰিয়ে ফুলকবি ১৮টকা, বন্ধাকবি ১৩ টকা, গাজৰ ২৮ টকা, জাতিলাউ ১৬ টকা, জালিকুমৰা ২২টকা, কেচা জলকীয়া ৪৮ টকা, ভেন্দী ৩৮টকা, তিতাকেৰেলা ৩৩টকা, লেচেৰা ৩৮টকা দৰত বিক্ৰী কৰে।

কিন্তু প্ৰশাসনত নিৰ্দেশনাক ভেঙুচালি কৰি অলিয়ে গলিয়ে শাক-পাচলিৰ পোহাৰ মেলিছে একাংশ ব্যৱসায়ীয়ে আৰু দুগুন-তিনিগুণ হাৰত বৰ্দ্ধিত মূল্যৰে বিক্ৰী কৰি কোৰোনা ভাইৰাছৰ সংকটৰ সময়ত মানৱীয়তাক জলাঞ্জলি দি আৰ্থিক মুনাফা লোৱাত ব্যস্ত হৈ পৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে। লক্ষ্যণীয় যে প্ৰশাসনে গেলামালৰ দোকানতহে পাচলি বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰিছিল যদিও মহানগৰীৰ ফুটপাট, উপপথসমূহত অটোভেন, টাটা ডিআই, ঠেলাত বিক্ৰী কৰি আছে শাক-পাচলি। লক্ষ্যণীয় যে কৃষিমন্ত্ৰী অতুল বৰাই নিৰ্দ্ধাৰিত মূল্যতকৈ অধিক মূল্যত শাক-পাচলি বিক্ৰী কৰিলে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কালি উল্লেখ কৰিছিল যদিও আজি বাস্তৱিকতা দেখা গ’ল এটা বৃহৎ শূন্য।

প্ৰশাসনৰ সন্মুখতেই ফুটপাঠ, উপপথ সমূহত এনেদৰে অটোভেন, টাটা ডিআই, ঠেলাত শাক-পাচলি বিক্ৰী কৰা হৈ আছে কোনো অনুমতি নোলোৱাকৈ। লক্ষ্যণীয় যে এনে দোকানত ভেণ্ডি প্ৰতিকিলোত ৬০-৭০ টকা, বন্ধাকবি ৩০-৫০ টকা, ফ্ৰেন্স বিন ৭০-৮০ টকা, জাতিলাউ ৪০-৫০ টকা, গাজৰ ৬০ টকা, জিকা ৮০টকা দৰত বিক্ৰী হৈছে। লক্ষ্যণীয় যে এনে ব্যৱসায়ীসকলক নাকি লগাবলৈ আজিকোপতি যোগান বিভাগ তথা মহানগৰ প্ৰশাসনৰ কোনো অভিযানকাৰী দল পৰিলক্ষিত নহ’ল। এনে ক্ষেত্ৰত প্ৰশ্ন হয় কাৰ স্বাৰ্থত এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে আজিলৈকে নতুন ব্যৱস্থা লোৱা নহয়। ইপিনে অকল শাক-পাচলিতে নহয় নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীৰ ভিতৰত অতি লাগতিয়াল হিচাপে পৰিগণিত আলু প্ৰতিকিলোত ৩০-৪০ টকা, পিঁয়াজ ৪০-৫০ টকা, মচুৰডাইল ১২০-১৩০ টকা দৰত বিক্ৰী হৈ আছে।

ইপিনে কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা লকডাউনৰ অচিলা লৈ গুটখা, চিগাৰেট আৰু মাদক দ্ৰব্যৰ বৰ্দ্ধিত মূল্যৰ এখন কলা বজাৰ চানি ধৰিছে সমগ্ৰ ৰাজ্যজুৰি। উল্লেখ্য যে আজি যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে লুঙি পিন্ধি দিছপুৰ চুপাৰমাৰ্কেটৰ বজাৰলৈ গৈ ব্যৱসায়সকলক বৰ্দ্ধিত হাৰত সামগ্ৰী বিক্ৰী নকৰিবলৈ আহবান জনায় যদিও লকডাউন আৰম্ভ হোৱাৰ পৰাই আজিলৈকে এজনো ব্যৱসায়ীয়ে কেৰেপ কৰা নাই যোগানমন্ত্ৰীৰ এই আহবানক। কিন্তু তথাপিও হাত সাৱটি বহি আছে যোগানমন্ত্ৰীয়ে। পৰ্যাপ্ত সামগ্ৰী ৰাজ্যত মজুত থকা বুলি সংবাদমেলত উল্লেখ কৰি দাম বৃদ্ধি নকৰিবলৈ আহবান জনাইয়ে দায়িত্ব সামৰিছে যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। কিন্তু ৰাইজে বিচাৰিছে আহবান নহয় কাৰ্যকৰী ব্যৱস্থা।

Leave a Reply

Your email address will not be published. Required fields are marked *