Home Popular ৰাজ্যত লকডাউনৰ সম্ভাৱনা নাই : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ৰাজ্যত লকডাউনৰ সম্ভাৱনা নাই : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

166
0

৭৬০ চিকিৎসকক নিযুক্তি দিয়া হ’ব ক’ভিড চেণ্টাৰত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ এপ্ৰিল  :  কোৰোনা মহামাৰীয়ে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দৈনিক ৫,০০০তকৈও অধিক লোক কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুক আঁকোৱালি লৈছে প্ৰতিদিনে ২৯ৰ পৰা ৩০জনকৈ লোকে। অসমত যিদৰে কোৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে এটাৰ পিছত এটাকৈ নিৰ্দেশনা জাৰি কৰিছে। কোৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে লোৱা হৈছে বিশেষ পদক্ষেপ। মন্ত্ৰী হিমন্তই ইতিমধ্যে ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰি সংক্ৰমণ কিদৰে ৰোধ কৰিব পাৰি তাৰ ওপৰত এখনৰ পিছত এখনকৈ বৈঠক অনুষ্ঠিত কৰিছে। ৰাজ্যত পুনৰবাৰ লকডাউন  হ’ব নেকি সেই লৈ চলি থকা চৰ্চাৰ সন্দৰ্ভত আজি মন্ত্ৰী হিমন্তই ঘোষণা কৰে যে অসমত লকডাউনৰ সম্ভাৱনা নাই। এতিয়া প্ৰতিদিনে ২৯ৰ পৰা ৩০জন লোকৰ কোৰোনাত মৃত্যু হৈছে। কালি অসমত কোৰোনা আক্ৰান্তৰ সংখ্যা ৫,০০০ৰ ঘৰ চুইছেগৈ। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যি অঞ্চলত কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব সেই অঞ্চলসমূহক কেণ্টইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব। বৰ্তমান প্ৰতিসপ্তাহত এহেজাৰৰ পৰা ১৫শলৈকে কোৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এনেদৰে যদি কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থাকে অহা সপ্তাহত হাস্পতালৰ বিছনা নাইকিয়া হ’ব।

মন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে যোৱা ১ মে’ৰ পৰা ৰাজ্যত কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। এই ক্ষেত্ৰত ৰাইজ সজাগ আৰু সচেতন হোৱা দৰকাৰ। জি এম চি এইচত ৬খন আই চি ইউ বিছনা খালী আছে। এই বৰ্ষত ৭৬০জন চিকিৎসক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। এই চিকিৎসকসকলক গ্ৰাম্য অথবা ক’ভিড চেণ্টাৰসমূহত নিযুক্তি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। ইপিনে কাইলৈৰ পৰা অসমত ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰৰ বয়সৰ লোকক কোৰোনাৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here