Home Main Stories ৰাজ্যত ৪৮ ঘণ্টাত কোৰোনাত ৪৮ জনৰ মৃত্যু

ৰাজ্যত ৪৮ ঘণ্টাত কোৰোনাত ৪৮ জনৰ মৃত্যু

23
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ মে’ : দেশৰ লগতে কোৰোনা মহামাৰীৰ দ্বিতীয়টো লহৰে অসমতো ভয়াৱহতাৰ সৃষ্টি কৰিছে। অসমৰ হাস্পতালসমূহত এতিয়া কোৰোনা ৰোগীৰে ভৰি পৰিছে। অসমত এতিয়া প্ৰতিদিনেই ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। প্ৰতিদিনেই ৰাজ্যৰ বহু লোকে আত্মীয়ক হেৰুৱাবলগীয়া হৈছে। আত্মীয়ক হেৰুৱাই বহু লোক মৰ্মাহত হোৱাৰ ছবি এতিয়া সুলভ হৈ পৰিছে। পৰিস্থিতি এক ভয়ংকৰ দিশলৈ গতি কৰিছে। ৰাজ্য চৰকাৰে কোৰোনা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলোধৰণৰ চেষ্টা চলাই আছে যদিও আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যৰ আনসমূহ প্ৰান্তৰ লগতে কোৰোনা মহামাৰীয়ে এতিয়া মহানগৰীত এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে। মৃত্যুৰ উপত্যকাত পৰিণত হৈছে গুৱাহাটী মহানগৰ। মহানগৰীৰ বহু অঞ্চল এতিয়া কন্টেইনমেন জ’নৰ অন্তৰ্গত। যোৱা কিছুদিনৰ পৰা অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে। উল্লেখ্য যে আজিও অসমত ক’ভিডত আক্ৰান্ত হৈ ৪৮জন লোকে প্ৰাণ হেৰুৱা বলগীয়া হৈছে। আজিৰ দিনটোত ৩,২৯৯জন লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। দিনটোত মুঠ ৩৬,১৩৫জনৰ দেহত ক’ভিড টেষ্ট কৰাত ৯.১৩ শতাংশ প’জিটিভেৰে ২৪ ঘণ্টাত ৩.২৯৯জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে। ইয়াৰে ২৪ ঘণ্টাত কামৰূপ মহানগৰীত সৰ্বাধিক ১,৩৪৬জন লোক কোৰোনাত আক্ৰান্ত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here