Monday , September 21 2020
শেহতীয়া খবৰ

ৰাজ্যিক কৃতি বঁটাপ্ৰাপ্ত শিক্ষক কমৰুজ জামান আহমেদৰ মৃত্যু

গণ বাৰ্তা, ডিব্ৰুগড়, ১২ আগষ্টঃ  ডিব্ৰুগড় চহৰৰ শিক্ষা  তথা সমাজ জীৱনৰ এগৰাকী কৃতি অৱসৰপ্ৰাপ্ত শিক্ষক, লোহাৰ পট্টি নিবাসী কমৰুজ জামান আহমেদৰ বুধবাৰে বাৰ্ধক্য জনীত কাৰণত এখন স্থানীয় হাস্পাতালত মৃত্যু মুখত পৰে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৭৬ বছৰ। ১৯৪৪ চনৰ এক মাৰ্চত জন্ম গ্ৰহণ কৰা আহমেদে দীঘলী বজাৰ প্ৰাথমিক বিদ্যালয়, জৰ্জ ইনষ্টিটিউটৰ পৰা মেট্ৰিক আৰু কানৈ মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে বি এ পাছ পাছ কৰে। ১৯৬৫ চনৰ ২ ফেব্ৰুৱাৰীত ডিব্ৰুগড় গ্ৰাহাম বজাৰ হাইস্কুল স্থাপন  তাতেই তেও শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলে আৰু সেইখন সেই স্কুলৰ পৰাই ২০০২ চনৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে। ইংৰাজী আৰু অসমীয়া ভাষাত প্ৰচুৰ দখল থকা আহমেদে নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়োৱা বাবে ২০০০ চনত তেওঁ অসম চৰকাৰৰ পৰা লাভ কৰিছিল “ৰাজ্যিক কৃতি শিক্ষক বঁটা”। সৰুৰে পৰাই লিখা মেলা কৰি ভাল পোৱা আহমেদে জৰ্জ স্কুলত নৱম শ্ৰেণীত পঢ়ি থাকোতে “জ্যোতি” নামৰ আলোচনী খনি সম্পাদনা কৰি উলিয়ায়। এই আলোচনী খনিয়ে ১৯৫৯ চনত অসম বাণীয়ে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত বিদ্যালয় সমূহৰ ভিতৰতে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। অতি সহজ সৰল অমায়িক স্বভাৱৰ আহমেদে বিভিন্ন কাকত আলোচনীত তত্বগধুৰ প্ৰবন্ধ পাতি, আলেখ্য, আদি লিখাৰ লগতে কেবাখনো আলোচনী সম্পাদনা কৰিছিল। কবি মফিজুদ্দিন আহমেদ হাজৰিকাৰ বংশধৰ কমৰুজ জামান আহমেদ ডিব্ৰুগড়ৰ অসম জামিউল উলুম মাদ্ৰাছাৰ দীৰ্ঘ দিন ধৰি সমিতি খনৰ সম্পাদক থকাৰ লগতে অনেক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল। মৃত্যুৰ সময়ত পত্নীৰ উপৰিও দুগৰাকী কন্যা আৰু এজন পুত্ৰ, জোঁৱাই আৰু নাতি নাতিনীৰ লগতে অনেক আত্মীয় স্বজন বন্ধু বান্ধৱক  ইহ সংসাৰত এৰি থৈ যায়।আজি অমোলাপট্টি কবৰ স্থানত কোভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত চৰকাৰী নিয়ম অনুযায়ী অতিকম  সংখ্যক লোকৰ উপস্থিতিত জানাজা নামাজ সম্পন্ন কৰা হয়।আহমেদৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে শোকসন্তপ্ত পৰিয়ালৈ সমবেদনা জ্ঞাপন কৰে।  ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ অসম জামিউল উলুম মাদ্ৰাছা, ডিব্ৰুগড় জাকাত এণ্ড ইমদাদ ফাউণ্ডেশ্যন, চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিছ, ঈমাম পৰিষদ, দ্বিনি বর্ড, জমিয়ত উলামা, নালিয়াপুল আৰু আমোলাপট্টী কবৰ স্থান কমিটি, ডিব্ৰুগড় ঈদগাহ, আমোলাপট্টি ঈদগাহ, ডিব্ৰুগড় হিলাল কমিটি, বগা বাবা মাজাৰ কমিটি ইত্যাদি।

Leave a Reply

Your email address will not be published. Required fields are marked *