শেহতীয়া খবৰ

ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীক শিŽক্ষাদানৰ বাবে নতুন পদ্ধতি, শিক্ষাৰ্থীৰ বাবে টেলিভিচন চেনেল জ্ঞানবৃŽক্ষ  মুকলি

  • পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীলৈ প্ৰদান কৰা হ’ব বিদ্যায়তনিক শিŽক্ষা
  • শৈক্ষিŽক ঘাটি পূৰণ কৰাৰ ক্ষেŽত্ৰত অৰিহণা যোগাব চেনেলটোৱেঃ হিমন্ত

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ লকডাউনৰ তথা কোৰোনা ভাইৰাচৰ বাবে দেশৰ শিক্ষাখণ্ড স্থবিৰ হৈ পৰাৰ সময়তে এক নতুন কৌশল উৱলম্বন কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। কোৰোনা ভাইৰাচৰ সংকটৰ সময়ত যাতে ৰাজ্যৰ শিক্ষাৰ্থীসকল ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে শিক্ষা বিভাগে। আজি ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত এটা নতুন টেলিভিছন চেনেল মুকলি কৰা হয়। জ্ঞানবৃক্ষ নামৰ এই চেনেলটো বিয়লিৰ ভাগত মুকলি কৰে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে কোভিড-১৯ৰ সময়ছোৱাত উদ্ভৱ হোৱা শৈক্ষিক ঘাটিসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত এই চেনেলটোৱে ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা ব্যহত নকৰাকৈ ৰাখিবলৈ সকলো প্ৰকাৰৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰতে অন্যতম হৈছে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে প্ৰথমে ইউটিউব চেনেল আৰু পিছলৈ এটা ম’বাইল এপ্লিকেচনলৈ পৰ্যবসিত হোৱা ‘বিশ্ববিদ্যা অসম’ এপপ। তদুপৰি লকডাউনৰ মাজত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিসমূহ সময়মতে প্ৰস্তুত কৰাৰ বাবে অহা ২৭ মে’ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যপুথিসমূহ সংগ্ৰহ কৰিব পাৰিব।

শিক্ষামন্ত্ৰীগৰাকীয়ে জ্ঞানবৃক্ষ চেনেলটোত শিক্ষাখণ্ডত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ মাজত এটা মাইলৰ খঁুটি বুলি অভিহিত কৰে। উল্লেখ্য যে চেনেলটোৰ যোগেদি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যায়তনিক আৰু প্ৰতিযোগিতা সম্পৰ্কীয় কৌশল বিকাশৰ বাবে ব্যৱহাৰ কৰা হ’ব। তদুপৰি চেনেলটোৰ যোগেদি শৈক্ষিক দিনপঞ্জী অনুসৰি বিভিন্ন বিষয়ত বাণীবদ্ধ আৰু চিত্ৰ ভিত্তিক পাঠদান আগবঢ়াব পাৰদৰ্শি শিক্ষকৰ লগতে শিক্ষক-প্ৰশিক্ষকসকলে।

কোৰোনা ভাইৰাচৰ বাবে চলি থকা বাধ্যবাধকতাৰ হেতু ঘৰতে সুমাই থকা অৱস্থাতে যাতে শিক্ষাৰ্থীসকলে নিয়মীয়া শিক্ষা অব্যাহত ৰাখিব পাৰে তাৰ বাবে এই চেনেলটোক এখন বিদ্যালয় বুলিয়ে ধাৰণ কৰিবলৈ শিক্ষামন্ত্ৰীগৰাকীয়ে আহবান জনায়। উদ্বোধনী অনু‡ানত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী ভৱেশ কলিতা, প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰতীম শইকীয়া, সমগ্ৰ শিক্ষা অভিযানৰ সঞ্চালক বি কে চক্ৰৱৰ্তী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *