Sunday , September 20 2020
শেহতীয়া খবৰ

ৰাজ্যৰ নিবনুৱাৰ বাবে সুখবৰঃ শীঘ্ৰেই কৃষি-পশুপালন বিভাগত ২৪৪৫ পদত নিযুক্তি

আগষ্টৰ দ্বিতীয় সপ্তাহত প্ৰকাশ পাব বিজ্ঞাপনঃ মন্ত্ৰী অতুল বৰা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ জুলাই ঃ কোৰোনাৰ সংক্ৰমণৰ বাবে লকডাউনৰ পৰিস্থিতি চলি থকাৰ সময়ত ৰাজ্যত নিযুক্তি হ’ব নে নহয় তাক লৈ প্ৰশ্ন উত্থাপিত হৈ থকাৰ সময়তে আজি কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাই ৰাজ্যত হাজাৰ হাজাৰ নিবনুৱালৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। উল্লেখ্য যে যোৰহাটত হিমন্ত বিশ্ব শৰ্মাই কোৰোনাৰ সংকটকালত নিযুক্তি নহ’ব বুলি মন্তব্য কৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও এদিন পিছতে বিত্তমন্ত্ৰীগৰাকীয়ে স্থিতি সলনি কৰি নিযুক্তি প্ৰক্ৰিয়া হ’ব বুলি টুইটযোগে প্ৰকাশ কৰিছিল। আজি কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই জনতা ভৱনত এক সংবাদমেলত কৃষি আৰু পশুপালন বিভাগক গতিশীল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি দীৰ্ঘদিন ধৰি বিভাগটোত খালী হৈ থকা পদসমূহ পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি বিভাগৰ তৃতীয় বৰ্গৰ ১,৯২০টা পদ, কৃষি উন্নয়ন বিষয়াৰ ১১৩টা পদ, কনিষ্ঠ অভিযন্তাৰ ৪২টা পদ, সহকাৰী অভিযন্তাৰ ১২টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ লগতে পশুপালন বিভাগৰ তৃতীয় বিভাগৰ ৩১টা পদ, ফিল্ড এছিষ্টেণ্টৰ ২২৪টা পদ, চতুৰ্থ বৰ্গৰ ৬৮টা পদ আৰু ৰাজপত্ৰিত বিষয়াৰ ১৭টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। অৰ্থাৎ মন্ত্ৰী অতুল বৰাৰ অধীনত থকা দুটাকৈ বিভাগত শীঘ্ৰেই ২,৪৪৫টা পদত নিযুক্তি প্ৰদান কৰা হ’ব। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অহা আগষ্ট মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত খালী পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হ’ব আৰু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। ইপিনে কৃষি বিভাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ বিৰোধী দল কংগ্ৰেছক তিৰ্যক সমালোচনা কৰে। মন্ত্ৰী বৰাই কয় যে সম্প্ৰতি কৃষি বিভাগ ভালকৈ চলি আছে, কিন্তু কংগ্ৰেছৰ দিনত কৃষি বিভাগটো ঠিকাদাৰৰ বিভাগ আছিল। এতিয়া সেই দিন নাই আৰু কৃষকৰ ওচৰত এতিয়া এই বিভাগ আছে। আনকি ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰেও ৰাজ্যৰ কৃষি বিভাগক প্ৰশংসা কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখ্য যে বিজেপি চৰকাৰৰ সময়ত দেশত ব্যাপক নিবনুৱাৰ সৃষ্টি হোৱাৰ লগতে শেহতীয়াকৈ হোৱা কোৰোনাৰ সংকটকালত বহুতেই কৰ্মসংস্থাপন হেৰুৱাব লগাত পৰিছিল। তেনে ক্ষেত্ৰত ২,৪৪৫টা পদত শীঘ্ৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি ঘোষণা কৰাৰ পিছতে এতিয়া ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ মুখত হাঁহি বিৰিঙিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *