Thursday , August 13 2020
শেহতীয়া খবৰ

ৰাজ্যৰ বাবে পুনৰ সুখবৰ কোৰোনা আক্ৰান্ত ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰিলিজ ।

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৩১ , মে  : আজি পুনৰ দুগৰাকী কোৰো’না আক্ৰান্ত ৰোগীক সুস্থ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা আজি সন্ধিয়া ঘৰলৈ যাব দিয়া হয়। গীতাৰাণী গুৰীয়া (২৬) বছৰ , কিৰণ পাচোৱান (১৫)বছৰ। দুগৰাকীক Covid19 পজিটিভ প্ৰথম অৱস্থাত পাই যদিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পুনৰ দুবাৰ পৰীক্ষা কৰা পিছত দুই গৰাকী মহিলা দেহত কোনো ধৰণৰ পজিটিভ পোৱা নগল।সেইহে আজি দুগৰাকী যুৱতী চিকিৎসালয়ৰ অধ্যক্ষ ,চিকিৎসক,আৰু যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাস উপস্থিত থাকি একোখনকৈ ফুলাম গামোচা আৰু মিঠাই পেকেট দি চিকিৎসা মহাবিদ্যালয়ৰ পৰা উষ্ম আদৰণি জনাই বিদায় দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *