শেহতীয়া খবৰ

ৰাজ্যৰ ২৩ খন জিলাৰ ২০৭১ খন গাঁও জলমগ্ন, ৬৮,৮০৬.৭৩ হেক্টৰ কৃষিভূমি  প্লাৱিত, ৯,২৬,০৫৯ জন লোক প্ৰভাৱিত

ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিঙকে ধৰি ৰাজ্যৰ নৈ সমূহৰ পানী বৈছে বিপদসীমাৰে

মহানগৰ প্ৰতিবেদক, ২৯ জুন ঃ  ৰাজ্যৰ চৌদিশে এতিয়া বানৰ সংহাৰ। কি উজনি, কি নামনি সকলোতে এতিয়া কেৱল পানী আৰু পানী। ৰাজ্যৰ চৌদিশে এতিয়া সাগৰ সদৃশ পৰিৱেশ। কোৰোনা মহামাৰী আতংকৰ মাজতেই ৰাজ্যবাসীৰ মাজত আন এক আতংক ৰূপে দেখা দিছে প্ৰলয়ংকাৰী বানে। বানৰ তাণ্ডৱত এতিয়া দিশহাৰা হৈছে উজনি-নামনিৰ গঞা ৰাইজ। ঘৰ-বাৰী এৰি এতিয়া প্ৰাণৰ মমতাত বহু গঞাই চৰকাৰে গঠন কৰি দিয়া আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে। উল্লেখ্য যে প্ৰতিবছৰেই অসমত বানৰ সংহাৰে ৰুদ্ৰ মূৰ্তি ধৰি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম দেখা পোৱা নগ’ল ৰাজ্যত। ৰাজ্যৰ বহু জিলা এতিয়া বানৰ কৱলত। ৰাজ্য চৰকাৰে কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকাৰ সমান্তৰালকৈ এতিয়া বানপানীৰ সৈতেও যুঁজ দিবলগীয়া হৈছে। ৰাজ্য চৰকাৰে বানাক্ৰান্ত ৰাইজক সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়াই আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ব্ৰহ্মপুত্ৰ, বুঢ়িদিহিং, ধনশিৰি, জিয়াভৰালী, কপিলী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, বেকী আৰু সোনকোষ নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ বাবে ৰাজ্যৰ ২৩খন জিলা বানত প্ৰভাৱিত হৈছে। ধেমাজি, লখিমপুৰ, বিশ্বনাথ, ওদালগুৰি, দৰং, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, হোজাই, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলি, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলা বানত প্ৰভাৱিত হৈছে। ৰাজ্যৰ মুঠ ৩৩খন জিলাৰ ভিতৰত ২৩খনেই বানত প্ৰভাৱিত। এই জিলা কেইখনৰ ৬৭ খন ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও বানত প্ৰভাৱিত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰতিবেদন অনুসৰি বানত এতিয়ালৈ ২০৭১ খন গাঁও প্ৰভাৱিত হৈছে। এই গাঁওকেইখনত বসবাস কৰি থকা ৯,২৬,০৫৯ জন লোক আহাৰমহীয়া বানত প্ৰভাৱিত হৈছে। বছৰৰ দ্বিতীয়টো বানত এতিয়ালৈ ৰাজ্যজুৰি ৬৮,৮০৬.৭৩ হেক্টৰ কৃষিভূমি প্লাৱিত অথবা প্ৰভাৱিত হৈছে। ৰাজ্য চৰকাৰে এতিয়ালৈ বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে ১৩৩টা আশ্ৰয় শিবিৰ গঠন কৰিছে আৰু ৬০টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। এই বানত গঞাৰ লগতে বৃহৎ হাৰত পশুধনো প্ৰভাৱিত হৈছে। ৰাজ্যজুৰি ৫,৮৬,৪০৭ টা ডাঙৰ পশুধন প্ৰভাৱিত হোৱাৰ বিপৰীতে ৩,০৮,৮৬৬ টা সৰু পশুধন প্ৰভাৱিত হৈছে। এতিয়ালৈ এই বানত ধেমাজি আৰু ওদালগুৰিত এজনকৈ লোকৰ মৃত্যু ঘটিছে। ফলত এতিয়ালৈ দুজন লোকৰ বানত মৃত্যু ঘটিছে। আনহাতে ২২১টা গৃহ ক্ষতিসাধন হৈছে। ৰাজ্য চৰকাৰে আজি বানাক্ৰান্ত ৰাইজৰ মাজত ৯৭৭.৯২ কুইণ্টল চাউল, ১৭৫.৯৭ কুইণ্টল দাইল, ৫২.৪৩ কুইণ্টল নিমখ আৰু ২১৯৫.৯২ লিটাৰ মিঠাতেল বিতৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *