শেহতীয়া খবৰ

ৰামায়ণে গঢ়িলে বিশ্ব অভিলেখ

দূৰদৰ্শনত দ্বিতীয়বাৰৰ বাবে সম্প্ৰচাৰিত হোৱা  ৰামায়ণে  বিশ্বজুৰি ৰেকৰ্ড ভংগ কৰিলে। ১৬ এপ্ৰিলত ৭.৭ কোটি লোকে ৰামায়ণ চোৱাৰ পিছত সমগ্ৰ বিশ্বত এই শ্ব’টো আটাইতকৈ অধিক এণ্টাৰটেইনমেণ্ট শ্ব’ হিচাপে বিবেচিত হৈছে ৷

ল’কডাউনত ঘৰতে বন্দী হৈ থকা লোকৰ মনোৰঞ্জনৰ বাবে ৰামানন্দ সাগৰৰ ৰামায়ণ দ্বিতীয়বাৰলৈ সম্প্ৰচাৰিত কৰা হ’ল। লকডাউনত ৰাইজে এই ধাৰাবাহিকখন যথেষ্ট উপভোগ কৰিছে। এই শ্ব’টোৰ টেলিভিছন ৰেটিং পইণ্ট শীৰ্ষত । এই তথ্য দূৰদৰ্শন চেনেলে টুইটাৰযোগে সদৰি কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *