Thursday , August 13 2020
শেহতীয়া খবৰ

ৰাম মন্দিৰৰ ভূমি পূজনৰ পূৰ্বে পুৰোহিতসহ ১৬জন আৰক্ষী  জোৱান কোভিড-১৯ত আক্ৰান্ত

ভূমি পূজনত সমগ্ৰ দেশৰ পৱিত্ৰ নৈ সমূহৰ জল আৰু তীৰ্থস্থানৰ ভূমি অৰ্পণ কৰিব

অযোধ্যা, ৩০ জুলাই ঃ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে হ’বলগীয়া ভূমি পূজনৰ প্ৰাক্ক্ষণতে ৰাম জন্মভূমিৰ পুৰোহিতকে ধৰি ১৬জন আৰক্ষী জোৱান ক’ভিড-১৯ত আক্ৰান্ত হৈছে। অযোধ্যাৰ ৰাম জন্মভূমিৰ পুৰোহিত প্ৰদীপ দাস ক’ভিড-১৯ত আক্ৰান্ত হৈছে। এইগৰাকী পুৰোহিত ৰাম জন্মভূমিৰ মূল পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ শিষ্য। প্ৰকাশিত তথ্য অনুসৰি কেৱল পুৰোহিতে কোৰোনাত আক্ৰান্ত হোৱা নাই, ৰাম জন্মভূমিৰ সুৰক্ষাৰ দায়িত্বত থকা ১৬জন আৰক্ষী জোৱানো কোৰোনা মহামাৰীত আক্ৰান্ত হৈছে। যাক লৈ এতিয়া অযোধ্যাত চাঞ্চল্যৰ সৃষ্টি হৈছে। যিহেতুকে ৫ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজন হ’ব। সেই ভূমি পূজনত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এনে সময়ছোৱাতেই পুৰোহিতকে ধৰি ৰাম জন্মভূমিৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীৰ জোৱান ক’ভিড-১৯ত আক্ৰান্ত হোৱা ঘটনাৰ পিছত ভূমি পূজনত অনিশ্চয়তাই দেখা দিছে। উল্লেখ্য যে এই ভূমি পূজনৰ বাবে ২০০জন লোকক আমন্ত্ৰণ জনোৱা হৈছে।

ভূমি পূজনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, আৰএছএছৰ প্ৰমুখ মোহন ভাগৱতকে ধৰি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ জোশী, উমা ভাৰতী, বিনয় কাটাৰীয়াকে ধৰি আন বহুজন। আনহাতে ভূমি পূজনত দেশৰ পৱিত্ৰ নৈসমূহৰ জল অৰ্পণ কৰাৰ লগতে তীৰ্থস্থলসমূহৰ ভূমি প্ৰয়োগ কৰা হ’ব। ৰাম মন্দিৰৰ ভূমি পূজনৰ জৰিয়তে ৰাষ্ট্ৰীয় একতা দৰ্শোৱা হ’ব বুলি প্ৰকাশ কৰিছে বিশ্ব হিন্দু পৰিষদে। বিশ্ব হিন্দু পৰিষদে প্ৰকাশ কৰা অনুসৰি হাজাৰতকৈও অধিক পৱিত্ৰ তীৰ্থস্থানৰ পৰা ভূমি আৰু পৱিত্ৰ নৈসমূহৰ পৰা জল অনাৰ প্ৰক্ৰিয়া চলি আছে। উল্লেখ্য যে ৫ আগষ্টত হ’বলগীয়া ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনাই নিউয়ৰ্কৰ প্ৰখ্যাত টাইম্ছ স্কোৱেৰত প্ৰদৰ্শিত হ’ব ৰামৰ বিশাল ছবি। ৩ডি মাধ্যমেৰে প্ৰদৰ্শিত হ’ব ৰামৰ ছবি। ইয়াৰ অৰ্থ এইটোৱে যে ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য বিশালভাৱে আয়োজন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *