Friday , September 25 2020
শেহতীয়া খবৰ

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপালসহ সাংসদৰ ৩০ শতাংশ দৰমাহা কৰ্তনৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কোৰোনা ভাইৰাছক লৈ এবছৰলৈ কৰ্তন হ’ব দৰমহা

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছক লৈ কেন্দ্ৰীয় চৰকাৰে ন ন সিদ্ধান্ত হাতত লৈছে। কিদৰে কোৰোনা ভাইৰাছ ৰোধ কৰিব পৰা যাব আৰু লকডাউনৰ সময়ছোৱাত যিসকল দৰিদ্ৰ পৰিয়ালে সংকটৰ সন্মুখীন হৈছে সেইসকলক কেনেধৰণে সহায় কৰিব পৰা যায় তাক লৈ ন ন পন্থা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। তেনে সময়ছোৱাতে আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ অন্তত কেন্দ্ৰীয়মন্ত্ৰী প্ৰকাশ যাবেদকাৰে সংবাদ মাধ্যমত উল্লেখ কৰে যে সাংসদৰ দৰমহা ৩০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপালসহ সাংসদৰ দৰমহা এবছৰলৈ ৩০ শতাংশকৈ কৰ্তন কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় কেবিনেট মন্ত্ৰীসকলৰো দৰমহা ৩০শতাংশ কৰ্তন কৰা হ’ব। তেওঁ কয় এই সিদ্ধান্ত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি আন কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সহমতৰ আধাৰত লোৱা হৈছে। ইয়াৰ উপৰিয়ো সাংসদ ফাণ্ড দুবছৰলৈ স্থগিত কৰাৰ আজিৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছে। এই সমূহৰ পৰা মজুত হোৱা ধন কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যৱহাৰ কৰা হ’ব বুলি উল্লেখ কৰে কেন্দ্ৰীয়মন্ত্ৰী গৰাকীয়ে।

ইয়াৰ উপৰি লকডাউন কেতিয়ালৈ শেষ হ’ব সেইবিষয়ে কৰা এক প্ৰশ্নৰ উত্তৰত সাংবাদিকৰ আগত তেওঁ কয় যে এতিয়ালৈ তাক লৈ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। বৰ্তমান সময়ছোৱাত সমগ্ৰ বিশ্বত লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। সেইবাবে ভাৰতত লকডাউন কেতিয়ালৈ শেষ কৰা হ’ব তাক লৈ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত জয় হ’ব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে কেতিয়া লক ডাউন দেশৰ পৰা নাইকীয়া কৰা হ’ব তাক লৈ সময় অহাৰ লগে লগে ঘোষণা কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *