Friday , September 25 2020
শেহতীয়া খবৰ

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল খুমতাইৰ  বিধায়ক মৃণাল শইকীয়া  

গণ বাৰ্তা বিশেষ, গোলাঘাট , ১৪ আগষ্ট  :  ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী FAME INDIA ৰ দেশৰ ৫০ জন সফল বিধায়কৰ তালিকাত ৯৬ নং খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া । দেশজুৰি বিধায়ক সকলৰ মাজত  চলা এই সমীক্ষাত দেশৰ ৫০ গৰাকী বিধায়কৰ মাজত অসমৰ একমাত্ৰ বিধায়ক মৃনাল শইকীয়া । ৫০ গৰাকী বিধায়কৰ তালিকাত মৃনাল শইকীয়া সৈতে উত্তৰ পূবৰ আৰু তিনি গৰাকী বিধায়ক তালিকাত স্থান লাভ কৰিছে ।   সমাজৰ হকে ভাল কাম কৰা ,  সমষ্টি বাসীৰ  সুখ দুখ সকলো সময়তে লগত থকা তথা সমষ্টিৰ উন্নয়নৰ  ভিত্তিত দেশখনৰ বিধায়ক সকলৰ মাজত চলোৱা সমীক্ষাৰ অন্তত ৫০ গৰাকী বিধায়ক নিৰ্বাচিত কৰে আলোচনীখনে । খুমটাই বিধান সভা সমষ্টিৰ  উন্নয়ন তথা সমষ্টিটোৰ দুৰ্যোগৰ সময়ত সমষ্টিবাসী কাষত থিয় দিয়া আৰু বিধায়ক গৰাকীৰ সমষ্টিতোত  জনপ্ৰিয়তাৰ ভিত্তিত  মৃনাল শইকীয়াই FAME INDIA আলোচনী ৫০ জন বিধায়কৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *