Thursday , August 13 2020
শেহতীয়া খবৰ

ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা নাইকীয়া কৰাৰ  চেষ্টা কেন্দ্ৰীয় চৰকাৰৰঃ অৰ্থনীতিবিদ বিৰল আচাৰ্যৰ গ্ৰন্থত বিস্ফোৰক মন্তব্য

নতুন দিল্লী, ২৮ জুলাই ঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা নাইকিয়া কৰাৰ চেষ্টা চলাইছে কেন্দ্ৰীয় চৰকাৰে। এনে বিস্ফোৰক কথা উল্লেখ আছে ভাৰতৰ অৰ্থনীতিবিদ বিৰল আচাৰ্যৰ গ্ৰন্থত। এইগৰাকী অৰ্থনীতিবিদৰ “Quest for Restoring Financial Stability in India” নামৰ গ্ৰন্থখনত ওপৰোক্ত বিস্ফোৰক মন্তব্য উল্লেখ থকাৰ লগতে এই কথা প্ৰকাশ কৰিছে যে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিয়ে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ উৰ্জিত পাটেলে সময়ৰ পূৰ্বে অৱসৰ লৈছিল। অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা নাইকিয়া কৰাৰ চেষ্টাৰ পূৰ্ণ বিৰোধিতা কৰিছিল ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰগৰাকীয়ে। সেই কথা বিৰল আচাৰ্যৰ গ্ৰন্থখনত উল্লেখ আছে। ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ উৰ্জিত পাটেলৰ এখন গ্ৰন্থ উন্মোচন কৰি বহু বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছিল। উৰ্জিত পাটেলৰ “Overdraft – saving the Indian Saver” নামৰ গ্ৰন্থখনত বহু বিস্ফোৰক কথা উল্লেখ কৰিছিল।

সেই বিস্ফোৰক কথাৰ প্ৰতিক্ৰিয়া অন্ত নৌপৰোতেই বিৰল আচাৰ্যৰ গ্ৰন্থত আৰু বিহু বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে। যাক লৈ সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। বিৰল আচাৰ্যই তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছে যে ২০১৮ৰ মাজভাগত বেংকক্ৰপ্ট ঘটনা সাধাৰণভাৱে লৈছিল চৰকাৰে। এইক্ষেত্ৰত নেতৃত্ব বহন কৰিছিল প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে। চৰকাৰে বেংকক্ৰপ্ট ঘটনা সাধাৰণ ভাবে লোৱাৰ কথাটোৰ বিৰোধিতা কৰিছিল উৰ্জিত পাটেলে। কিন্তু সেই বিষয়ত গুৰুত্ব দিয়া নাছিলচৰকাৰে। যাৰ ফলত চৰকাৰ আৰু উৰ্জিত পাটেলৰ মাজত মতানৈক্যৰ সূত্ৰপাত ঘটিছিল। ইয়াৰ উপৰি গ্ৰন্থখনত আন বহু কথা উল্লেখ আছে, যিসমূহ কথাই এতিয়া সমগ্ৰ দেশত চৰ্চা লাভ কৰিছে। কিয়নো বিমুদ্ৰাকৰণকে ধৰি বিভিন্ন কথা উল্লেখ আছে গ্ৰন্থখনত।

Leave a Reply

Your email address will not be published. Required fields are marked *