Home Main Stories ৰে’লৰ দবা হ’ব ক’ভিড চেণ্টাৰ: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰে’লৰ দবা হ’ব ক’ভিড চেণ্টাৰ: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

37
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ মে’: ৰাজ্যত কোৰোনা মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰিছে। প্ৰতিমুহূৰ্তত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। যি হাৰত কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই বিছনাৰ নাটনি হোৱাটো নিশ্চিত। ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। কোৰোনাৰ এই জটিল পৰিস্থিতিৰ বাবে উত্তৰ-পূব ৰে’ল বিভাগৰ ৰে’লৰ দবা ক’ভিড চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা হ’ব। উত্তৰ-পূব ৰে’ল বিভাগে ইতিমধ্যে সাজু কৰি ৰাখিছে ডেৰশখন বিছনাৰ ৰে’লৰ ক’ভিড কোচ। আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পŒটন বজাৰ ৰে’ল ষ্টেচনত উপস্থিত হৈ যাৱতীয় ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূব ৰে’ল বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰ ৰাজ্য চৰকাৰে শলাগ লৈছে। ৰে’ল বিভাগৰ ডেৰশখন বিছনাযুক্ত ৰে’লৰ দবা এতিয়াৰে পৰা ক’ভিড চেণ্টাৰলৈ ৰূপান্তৰ কৰা হ’ব। উক্ত দবাত থাকিব চিকিৎসাৰ লগতে অক্সিজেনৰ ব্যৱস্থা। ৰে’ল বিভাগে দবাসমূহত বিছনাৰ ব্যৱস্থা কৰিব আৰু ৰাজ্য চৰকাৰে চিকিৎসক আৰু নাৰ্ছৰ যোগান ধৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে জিএমচিএইচত নতুনকৈ সংযোজন কৰা হৈছে দুশখন আইচিইউ বিছনা। অক্সিজেনৰ চাহিদা পূৰণ কৰিবৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অক্সিজেন প্লাণ্ট গঢ়ি তোলাৰ লগতে ষাঠিখন বিছনাযুক্ত আইচিইউ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইপিনে মন্ত্ৰীগৰাকীয়ে কয় যে মহানগৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব অনিৰ্দিষ্ট কাললৈ। ইতিমধ্যে সকলো হোষ্টেল খালী কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে, যাতে হোষ্টেলসমূহ ক’ভিড চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here