অসম আৰক্ষী বাহিনীৰ দীক্ষান্ত সমাৰোহত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ADGP হিৰেণ নাথ

285

মুকালমুৱাৰ দৌলাশালত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ মূল পেৰেড গ্ৰাউণ্ডত এক দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। অসম আৰক্ষীৰ ১১৭ সংখ্যক গোটৰ AB Constable ৰ ৫১৯ গৰাকী কনিষ্ঠবলৰ প্ৰশিক্ষণৰ অন্তত আজি অনুষ্ঠিত হোৱা দীক্ষান্ত সমাৰোহত মুখ্য অতিথি ৰূপে অংশ লয় অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিৰেণ নাথ, নলবাৰী জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু বহুকেইজন আৰক্ষী বিষয়া।

পুৱা মন্ত্ৰী গৰাকী চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীত উপস্থিত হোৱাত বাৰেৰহনীয় নৃত্যৰে তেখেতক পেৰেড গ্ৰাউণ্ডলৈ আদৰি আনে। লগতে নবনিযুক্ত জোৱান সকলে ৰাষ্ট্ৰীয় পতাকা আৰু আৰক্ষীৰ বিশেষ নিছানৰ তলত শপত বাক্য পাঠ কৰে।

আজিৰ দীক্ষান্ত সমাৰোহত মন্ত্ৰী গৰাকীয়ে ৫১৯ গৰাকী কনিষ্ঠবলৰ অভিবাদন গ্ৰহন কৰাৰ পিছতে প্ৰশিক্ষাৰ্থী সকলে আকৰ্ষণীয় কুচকাৱাজ প্ৰদৰ্শন কৰে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱ নিযুক্ত জোৱান সকলক দেশ মাতৃৰ হৈ নিষ্ঠা সহাকাৰে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে আজিৰ এই দীক্ষান্ত পেৰেড সমাৰোহত 14APBNৰ ১৫৪ গৰাকী, 16 AP(IR)BN ১৯৩ গৰাকী আৰু 3rd APTFৰ ১৭২ গৰাকী জোৱানে অংশগ্ৰহণ কৰে। বিগত বৰ্ষৰ মে’ মাহত অসম আৰক্ষীত নিযুক্তি লাভ কৰা এই জোৱান সকলে জুন মাহৰ পৰা প্ৰশিক্ষণ আৰম্ভ কৰি ১১ মাহৰ অন্তত আজি জোৱান সকলৰ এই দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহৰ অন্তত নৱ নিযুক্ত আৰক্ষী জোৱান সকলৰ মাজত আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে। স্বচ্ছ আৰু নিকা নিযুক্ত প্ৰক্ৰিয়াৰ বাবে চৰকাৰক ধন্যবাদ অভিভাৱক আৰু জোৱান সকলৰ।

Leave A Reply

Your email address will not be published.