এগৰাকী নাবালিকাক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিল ৪ জন কৈ ধৰ্ষণকাৰী লম্পট।

368

অসমত সুৰক্ষিত নহয় নাৰী। ফকিৰগঞ্জ আৰক্ষীয়ে নিশা অভিযান চলাই বিভিন্ন ঠাইৰ পৰা ৪ জন কৈ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ। এগৰাকী নাবালিকাক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিল ৪ জন কৈ ধৰ্ষণকাৰী লম্পট।

ৰাজ্যত প্ৰতিদিনেই নাৰী নিৰ্যাতন , নাৰী ধৰ্ষণ, নাৰীক মানসিক অত্যাচাৰৰ দৰে ঘটনা সংঘটিত হ’বলৈ ধৰিছে।অসমত সুৰক্ষিত নহয় নেকি নাৰী? আৰক্ষী যিমানেই সক্ৰিয় হৈছে অপৰাধ আৰু অপৰাধী সিমানেই বাঢ়ি গৈছে।

ঘটনা এইবাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জৰ। ফকিৰগঞ্জ আৰক্ষীয়ে নিশা ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মৈইৰাকুচিৰ পৰা হবিবৰ ৰহমানৰ ল’ৰা আক্ৰামুল ইছলাম (১৯) ফলিমাৰীৰ পৰা আতোৱাৰ ৰহমানৰ ল’ৰা চানমিয়া (২৫) সাতশিয়া কাদেৰখালৰ পৰা ছফিকুল ইছলামৰ ল’ৰা মমিৰুল ইছলাম (২২) ফলিমাৰীৰ পৰা ইউছব আলীৰ ল’ৰা আশিক ইকবাল (২১) গ্ৰেপ্তাৰ কৰে। ফকিৰগঞ্জ আৰক্ষীয়ে মে মাহৰ ৮ তাৰিখত এখন এজাহাৰ লাভ কৰে। আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ পিছৰ পৰাই আৰম্ভ কৰিছিল অভিযান।

ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মেদেৰটাৰীৰ পৰা ৰাইজে ড্ৰাগছ সেৱনকাৰী শহিদুল ইছলাম নামৰ এজন যুৱকক ৰাইজে কৰায়ত্ত কৰি ফকিৰগঞ্জ আৰক্ষী গতাই দিয়ে। আজি ফকিৰগঞ্জ আৰক্ষীয়ে চাৰিজন ধৰ্ষণকাৰীসহ ড্ৰাগছ সৰবৰাহকাৰীক জেল হাজোত লৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.