তেজপুৰত নগৰ পৰিকল্পনা বিভাগৰ বিষয়াসকল তথা নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকলৰ ৰাজ্যিক সন্মিলনত অংশ ল’লে মন্ত্ৰী অশোক সিংহলে

282

তেজপুৰ, ২৮ এপ্ৰিলঃ ৰাজ্যখনৰ পৌৰ এলেকাসমূহৰ পৰিকল্পিত উন্নয়নৰ ৰূপৰেখা তৈয়াৰৰ এক প্ৰয়াস হিচাপে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেজপুৰ সমাৱৰ্তন কেন্দ্ৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকল তথা নগৰ পৰিকল্পনাকাৰীসকলৰ সৈতে এক দিনজোৰা আলোচনাত মিলিত হয়। আজিৰ আলোচনাত প্ৰধানকৈ প্ৰতিখন চহৰৰ বিজ্ঞানসন্মত মাষ্টাৰপ্লেন প্ৰস্তুত আৰু তাৰ যথোপযুক্ত ৰূপায়ণ, অনলাইন গৃহ নিৰ্মাণৰ অনুমতি ব্যৱস্থা, মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনি, একীকৃত গৃহ নিৰ্মাণ উপবিধি, নগৰাঞ্চলৰ সংস্কাৰ আদি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত পুংখানুপুংখ আলোচনা কৰা হয়।

আজিৰ এই বিশেষ সন্মিলনত সমগ্ৰ অসমৰ নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকলে তেওঁলোকৰ সংশ্লিষ্ট নগৰ এলেকাত কাম-কাজৰ সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। সেইদৰে নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ উপ সঞ্চালকসকলে তেওঁলোকৰ অভিজ্ঞতালব্ধ পৰামৰ্শ আৰু নতুন ধাৰণাৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰেজেণ্টেশ্যন আগবঢ়ায়।

আজিৰ এই আলোচনাই ৰাজ্যৰ নগৰসমূহৰ ক্ষীপ্ৰ, বহনক্ষম আৰু পৰিকল্পিত বিকাশৰ দিশত এক নতুন যাত্ৰাৰ সূচনা কৰিব বুলি মন্ত্ৰী সিংহলে মন্তব্য কৰে। ৰাজ্যৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সংশ্লিষ্ট অংশীদাৰসকলক লৈ আয়োজিত আজিৰ সন্মিলন যথেষ্ট ফলপ্ৰসূ হ’ব বুলি আশা প্ৰকাশ কৰি ৰাজ্যৰ বিভিন্ন ঠাইত নিয়মীয়া অন্তৰালত এনে বৈঠকৰ আয়োজন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

আজিৰ এই আলোচনাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ সঞ্চালক নগেন কলিতা, বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকল, নগৰ পৰিকল্পনাকাৰীসকল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নগৰসমূহৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.