তোলনীয়া সন্তানক যৌন নিৰ্যাতন ! ডাঃ সংগীতা দত্তৰ ঘৰৰ ৩২টা চি চি টিভিৰ ভিজুৱেল সংগ্ৰহ আৰক্ষীৰ ।

841

ডাঃ সংগীতা দত্তৰ ঘৰত আছিল ৩২টা চি চি টিভি ! এই ৩২টা চি চি টিভিৰ ভিজুৱেল সংগ্ৰহ কৰিছে অসম আৰক্ষীয়ে । এই চি চি টিভিত বন্দী চেলিব্ৰিটি চিকিৎসকৰ নৃশংসতাৰ বহু দৃশ্য…

তোলনীয়া সন্তানক যৌন নিৰ্যাতন! নিশা চিকিৎসক দম্পতিক মাৰাথান জেৰা শীৰ্ষ আৰক্ষী বিষয়াৰপাণবজাৰ মহিলা থানাত নিশা ১২বজালৈ জেৰা সংগীতা দত্তক। CP দিগন্ত বৰাই জেৰা চলাই ডাঃ সংগীতা দত্তক। সংগীতা দত্তৰ বাসগৃহৰ CCTV ভিজুৱেলো সংগ্রহ কৰিছে আৰক্ষীয়ে।

সংগীতাৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰিছে CCTV ভিজুৱেল। CCTV ভিজুৱেলতো আছে চাঞ্চল্যকৰ তথ্য প্ৰমাণ ।সংগীতা দত্তই শিশুটিক চলোৱা নিৰ্যাতনৰ কথা শুনি শিহৰিত হ’ব আপুনি। সৰৱ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । ডাঃ ৱালিউল ইছলাম, ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে পানী নসৰকা ছাৰ্জশ্বীট তৈয়াৰ কৰিব আৰক্ষীয়ে। বিশেষ আদালতত বিচাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। ছমাহৰ ভিতৰত যাতে চূড়ান্ত ৰায়দান হ’ব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে জনাব আবেদন। সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰীয়ে নিজে পৰ্যবেক্ষণ কৰি থকা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

Leave A Reply

Your email address will not be published.