প্ৰাপ্তিৰ হাঁহি বিৰিঙিল বহলপুৰত

311

আজি ঘোষণা কৰিলে বন বিভাগৰ ফলাফল । প্ৰাপ্তিৰ হাঁহি বিৰিঙিল বহলপুৰত ।

ধুবুৰী জিলাৰ বহলপুৰৰ তটপাৰা গাঁৱৰ শ্ৰৱণ কুমাৰ ৰায়ে লাভ কৰিলে বন বিভাগত বনৰক্ষীৰ চাকৰি । আৰ্থিক দৈনতাৰ বাবেই উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ দিন হাজিৰা কৰি ফুৰা শ্ৰৱণ কুমাৰ ৰায়ে নিজৰ একগ্ৰতা আৰু শ্ৰমৰ বিনিময়ত পালে বনৰক্ষীৰ চাকৰি ।

বহলপুৰ তটপাৰাৰ হৃদি ৰঞ্জন ৰায় আৰু মাতৃ গুঞ্জিকা ৰায়ৰ ২য় পুত্ৰ শ্ৰৱন কুমাৰ ৰায় । অতি দুখী ঘৰৰ ল’ৰা শ্ৰৱণ কুমাৰ ৰায়ৰ পিতৃ ৩ বছৰ ধৰি পেৰালাইছিছত আক্ৰান্ত হৈ গৃহ বন্দী হৈ আছে । মাতৃ তাঁতশালত কাপোৰ বোৱাই কোনো মতে পৰিয়াল পোহপাল দি আছে ।

Leave A Reply

Your email address will not be published.