শ্বাহৰুখ খানৰ দৰে নৃত্য কৰি ভাইৰেল বুৰাক ডেনিজ…

959

শেহতীয়াকৈ বলীউডৰ কীং শ্বাহৰুখ খানৰ ছবি ‘পাথান’ই জনপ্ৰিয়তা লাভ কৰিছে। চিনেমাখনৰ অন্যতম জনপ্ৰিয় গীত হৈছে ‘ঝুমে জো পাঠান’। শেহতীয়াকৈ জনপ্ৰিয় তুৰ্কী অভিনেতা বুৰাক ডেনিজে এই গীতটোত শ্বাহৰুখৰ দৰে নৃত্য কৰি নেট জগতত ভাইৰেল হৈ পৰিছে।ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (FICCI)ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মুম্বাইলৈ আহিছে বুৰাক ডেনিজ। অনুষ্ঠানৰ উপস্থাপকৰ অনুৰোধত তেওঁ শ্বাহৰুখৰ চিনেমা ‘পথান’ৰ অন্যতম জনপ্ৰিয় গীতৰ সুৰত দুহাত মেলি নৃত্য কৰে। ভিডিঅ’টোত দেখা যায়, যে এই তুৰ্কী অভিনেতাই শ্বাহৰুখৰ আইকনিক চিগনেচাৰ ষ্টেপটো মঞ্চলৈ লৈ আহিছিল। নিমিষতে এই ভিডিঅ’টো নেট জগতত ভাইৰেল হৈ পৰিল।

তুৰ্কী অভিনেতাগৰাকীয়ে বলীউডৰ ৰজা খানৰ নৃত্য অনুকৰণ কৰিবলৈ চেষ্টা কৰা দৃশ্যই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ যথেষ্ট সঁহাৰি লাভ কৰিছে। বহুতে এই দৃশ্যক প্ৰশংসা কৰিছে।তুৰ্কী অভিনেতা তথা মডেল বুৰাক ডেনিজৰ জন্ম হৈছিল ১৯৯১ চনৰ ১৭ ফেব্ৰুৱাৰীত তুৰস্কত। বুৰাকে কেইবাখনো জনপ্ৰিয় তুৰ্কী টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁৰ কিছুমান উল্লেখযোগ্য ধাৰাবাহিকৰ ভিতৰত আছে, ‘কলেজ গনেলী’, ‘চুলতান’, ‘মেদেছিৰ’ ইত্যাদি।

Leave A Reply

Your email address will not be published.