শ্ৰীৰামপুৰত ট্ৰাক সহ বৃহত পৰিমানৰ বিলাতী সুৰা জব্দ সহ দুজনক আটক

977

✍️ শ্ৰীৰামপুৰত ট্ৰাক সহ বৃহত পৰিমানৰ বিলাতী সুৰা জব্দ সহ দুজনক আটক ।

✍️গোসাইগাঁৱৰ শিমুলটাপু আৰক্ষীয়ে আজি দুপৰীয়া সময়ত এক গোপন খবৰৰ ভিত্তিত শ্ৰীৰামপুৰৰ ৩১(গ)নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই MC Dowell’s বিলাতী সুৰা সহ ট্ৰাক এখন জব্দ কৰিবলৈ সক্ষম হয়।

✍️ NL 01AC 8162 নম্বৰৰ ট্ৰাকৰ পৰা অভিযান চলোৱাত ১৫০ কাৰ্টুন সুৰা জব্দ কৰিবলৈ সক্ষম হয় শিমুলটাপু আৰক্ষীয়ে!

✍️ গাড়ীখনত ১৫০ কাৰ্টুনত মুট ৭২০ টা MC Dowell’s সুৰাৰ বটল আছিল ।

✍️ বঙাইগাঁৱৰ পৰা শিলিগুৰিৰ চেংগ্ৰাবান্দা অভিমুখে লৈ গৈ আছিল জব্দকৃত ট্ৰাকখন ।

✍️ চালক আৰু সহ চালক ক্ৰমে পশ্চিম বংগৰ হলদিবাৰীৰ ছামছুল শেখ আৰু ধুবুৰীৰ বিলাসীপাৰাৰ আকেনুৰ আলিক শিমুলটাপু আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.