১৬ বছৰীয়া অপেক্ষাৰ অন্ত! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিলে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ।

218

১৬ বছৰীয়া অপেক্ষাৰ অন্ত! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিলে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ। নাৰায়ণপুৰত অংশ ল’ব কেইবাটাও কাৰ্যসূচীত।

আজি মুকলি হ’ব বহু আকাংক্ষিত নাৰায়ণপুৰত নিৰ্মিত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব কলাক্ষেত্ৰখন। কলাক্ষেত্ৰখনৰ সৈতে জড়িত উত্তৰপৰীয়া ৰাইজৰ ধৰ্মীয় আৱেগ-অনুভূতি।মুঠ ৪৪বিঘাৰ মাটিত আধুনিক প্ৰযুক্তিৰে আটকধুনীয়াকৈ পূৰ্বৰ সত্ৰখনৰ স্বৰূপ অক্ষুন্ন ৰাখি মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মান কৰা হৈছে।

১৬ বছৰৰ অন্তত সম্পূৰ্ণ হৈ উঠিল মহাপুৰুষ মাধৱদেৱৰ নামেৰে নামাঙ্কৃত মাধৱদেৱ কলাক্ষেত্ৰ।২০০৭ চনত সেই সময়ৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভুপেন বৰাৰ প্ৰৱল দাবীত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা শ্ৰী শ্ৰী বদলা পদ আতা সত্ৰত অতি লেহেমীয়া গতিৰে নিৰ্মাণ হৈছিল মাধৱদেৱ কলাক্ষেত্ৰ।অৱশেষত বৰ্তমানৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ তৎপৰতাত দুবছৰতে সম্পূৰ্ণ হৈ উঠিল নাৰায়নপুৰ মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য্য। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিলে এই নৱ নিৰ্মিত মাধৱদেৱ কলাক্ষেত্ৰৰ মুখ্যদ্বাৰ।

Leave A Reply

Your email address will not be published.