Home অসম (১) বুৰঞ্জীয়ে গৰকা গুৱাহাটীৰ লুইতপাৰৰ গড়গঞা পট্টি আৰু মাছখোৱা

(১) বুৰঞ্জীয়ে গৰকা গুৱাহাটীৰ লুইতপাৰৰ গড়গঞা পট্টি আৰু মাছখোৱা

149
0

লুইতৰ পাৰত থিয় হৈ …………..

মছদ্দৰ হুছেইন

মাছখোৱাৰ অন্যতম বৈশিষ্ট নিৰ্দেশক (Landmark) প্ৰাগজ্যোতি সাংস্কৃতক প্ৰকল্পৰ সন্মূখত থিয় হোৱাৰ লগে লগে চকুত পৰিব লাচিতৰ ব্যক্তিত্বক প্ৰতিফলিত কৰা বিৰাট প্ৰতিমুৰ্তি । লাচিতৰ লগত থকা প্ৰতিমুৰ্তিকেইটাৰ কোনোবাটো হয়তো বাঘ হাজৰিকাৰ, লাইধন, ভেকুৱা, গেথুৱা, ভদীয়াৰ । লাচিতৰ মুৰ্তিৰ ওচৰলৈ গৈ সন্মুখৰ ব্ৰহ্মপুত্ৰ সিপাৰে দেখিব শ্ৰী কৃষ্ণৰ ঘোৰাই জিৰোৱা অশক্লান্ত, ৰুক্মিনিয়ে গা ধোৱা স্থান আৰ পৰ্বত, স্বৰ্গদেউ ৰুদ্ৰেশ্বৰ সিংহই শেষ নিশ্বাস ত্যাগ কৰা ৰুদ্ৰেশ্বৰ পৰ্বত, শৰাইঘাটৰ যুদ্ধৰ নায়ক লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁইৰ স্মৃতি বিজড়িত চিলা পাহাৰ, চাহবুৰুজ বা মণিকৰ্ণেশ্বৰ । দক্ষিণ পাৰত পূৱলৈ চকু মেলি দিলে দেখিব অদূৰত যোগিনী তন্ত্ৰত উল্লেখিত হস্তাচল পৰ্বত, হস্তাচল পৰ্বততে অৱস্থিত শুক্ৰেশ্বৰ আৰু জনাৰ্দন দেৱালয়, ঐতিহাসিক ইটাখুলি পৰ্বত, লুইতৰ মাজত উৰ্বশী আৰু বিশ্বৰ অন্যতম ক্ষুদ্ৰ নদী দীপ উমানন্দ; পশ্চিমত অসমৰ আন এগৰাকী বীৰ ৰ্চিলাৰায়ে নিৰ্মাণ কৰা কামাখ্যা মন্দিৰ, শৰাইঘাটৰ যুদ্ধ-বিখ্যাত অমৰাজুৰি । প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প,, ঈদগাহখনৰ স্থানতেই আছিল এসময়ত বৰফুকনৰ হাতীশাল ; মহাত্মা গান্ধী পথটোত পানবাজৰমানলৈ আছিল এটা দীঘল গড় আৰু গড়খাৱৈ ; প্ৰকল্পৰ পাছফালে মাছখোৱা ফাঁচীবজাৰ সামৰা স্থান ডোখৰতে আছিল বদন বৰফুকনৰ বাসস্থান । বৰফুকনজনৰ বাসগৃহৰ কাষতে বীজ ৰোপন হৈছিল কামৰূপীয়া প্ৰজাৰ বিখ্যাত দন্দোৱাদ্ৰোহৰ ; আৰু অসমৰ ইতিহাসৰ জীৱন্ত সাক্ষী লুইতৰ বালিচৰত চকু পৰাৰ লগে লগে অসমীয়াৰ আবেগক কেবা শতিকা জুৰি শাণিত কৰি অহা শৰাইঘাটৰ যুদ্ধৰ থলী আন্ধাৰু বালিত দেখা পাব মহাবীৰ লাচিত বৰফুকনক, পৰাজিত মোগল সেনানয়ক ৰাম সিংহক; কামৰূপীয়া বীৰ হৰদত্তক হত্যা কৰা স্থান আন্ধাৰ বালিৰ শগুণঠুটীয়া ।
লুইতৰ বুকুত, আৰু ইয়াৰ দুয়োপাৰত অসংখ্য যুদ্ধ সংঘটিত হৈছিল । যুদ্ধৰ বীৰ নায়ক ৰূপে ৰজা, সেনানায়কসকলৰ নাম ইতিহাসত ৰৈ গৈছে । কিন্তু ইয়াত প্ৰাণ দি লুইতৰ পানীৰ সোঁতত উটি যোৱা, লুইতৰ দুইপাৰত শত্ৰুৰ হাতত নিহত হোৱা সাধাৰণ সৈনিকসকলক কোনেও মনত নাৰাখিলে । মানৰ আক্ৰমণৰ সময়ত উজনীত গঞা ৰঈজৰ মাজত শ্ৰুতি, folk হিচাপে কোনোবা ৰঙামুৱাৰ নাম ৰৈ গ’ল । শৰাইঘাটৰ যুদ্ধতো তেনেকুৱা হাজাৰ হাজাৰ ৰঙামুৱা আছিল । কিন্তু সাধাৰণ খেতিয়ক পাইক কাড়ীসকলৰ নাম কোনেও নাজানিলে । তেওঁলোকৰ শেষকৃত্যও নহ’ল । সভ্যতাৰ ইতিহাসত শ্ৰম আৰু ঘামেৰে নিৰ্মাণ কৰা সৌধসমূহক লৈ জাতি হিচাপে আমি সকলোৱে গৌৰৱ কৰো, কিন্তু সেই শিল্পী শ্ৰমিকসকলৰ নাম ইতিহাসৰ লিপিৱদ্ধ নহ’ল । গুৱাহাটীৰ পুৰণি কাহিনী সংগ্ৰহ কৰোতে আপ্ৰাণ চেষ্টা কৰিছিলো সাধাৰণপ্ৰজা, খেতিয়ক, কাৰিকৰসকলৰ তথ্য সংগ্ৰহ কৰিবলৈ, কিন্তু বিশেষ তথ্য পোৱা নগল সমাজৰ এই নীৰৱ-সংখ্যাগৰিষ্ঠসকলৰ তথ্য । সেয়ে প্ৰতিটো ঐতিহাসিক ঘটনাৰ বিষয়ে উল্লেখ কৰাৰ সময়ত আমি সেই অজ্ঞাত বীৰ সৈনিক, শিল্পী, ‘জৰৌৰৱা’ প্ৰজা, পাইকসকলক মনৰ ভিতৰতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ । ইয়াৰ বাহিৰে তেখেতসকলক স্মৰণ কৰাৰ আমাৰ আন উপায় নাই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here