Home অসম বিহগুৰিত মেজিক-মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ, নিহত ১

বিহগুৰিত মেজিক-মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ, নিহত ১

108
0


তেজপুৰ, ১১ জানুৱাৰী: তেজপুৰৰ সমীপৰ বিহগুৰিত আজি মেক্সিম’ আৰু এখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত এজন থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে৷ ঘটনাৰ বিৱৰণী অনুসৰি তেজপুৰৰ পৰা ঢেকীয়াজুলি অভিমুখে যাত্ৰী কঢ়িয়াই ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এএছ ১২ বিচি ৪৭৫৩ নম্বৰৰ মেজিক বাহনখনে বিহগুৰিৰ চন্দ্ৰনাথ হাইস্কুলৰ সন্মুখত বিপৰীত দিশৰ পৰা অহা এখন মটৰচাইকেলৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুচকীয়া বাহনখনৰ চালক আৰু আৰোহী মেজিক বাহনখনৰ তলত সোমাই পৰে৷ ফলত পংকজ গোৱালা [চ্ছ] নামৰ মটৰচাইকেলখনৰ চালকজনে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাৰ লগতে আৰোহী চন্দন বৰা [২৫] গুৰুতৰভাৱে আহত হয়৷ পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই অঞ্চলটোৰ একাংশ ৰাইজে ততাতৈয়াকৈ সমীপস্থিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আৰোহী চন্দন বৰাক প্ৰেৰণ কৰে যদিও পিছত তেওঁৰ সংকটজনক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়৷ উল্লেখ্য যে, হতাহত হোৱা দুয়োগৰাকীৰ ঘৰ ঘটনাস্থলীৰ সমীপৰ পুঠিমাৰী অঞ্চলৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here