Home অসম ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ১

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ১

86
0

গণবাৰ্তা, ৰঙিয়া ২৬ নৱেম্বৰ : ৰঙিয়া মৰাণজানাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হোৱা এক ভয়ংকৰ পথদূৰ্ঘটনাত এগৰাকী যুৱক থিতাতে নিহত হোৱাৰ উপৰিও আন এজন যুৱক গুৰুতৰ ভাৱে আহত হয় । গুৱাহাটী অভিমুখী এখন তীব্ৰ বেগী  ইনভা গাড়ীয়ে এগৰাকী পালচাৰ আৰোহীক মহতিয়াই  নিয়াত সংঘটিত  ভয়ংকৰ দুৰ্ঘটনাটো। নিহত হোৱা যুৱক জনক নবজিৎ কলিতা(৩০) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি আজি পুৱাৰ ভাগত গুৱাহাটী অভিমুখে গৈ থকা  এ এচ ১৬ এফ ৯০৫২ নম্বৰৰ ই’নভা বাহন আৰু এ এচ ১৪ ই ০১২৯ নম্বৰৰ পালচাৰ গাড়ী খনৰ হৈছে মাজত খুন্দা লাগে। আনহাতে দুৰ্ঘটনাটো  সংঘটিত কৰি ই’নভা বাহন কিছু নিলগত এৰি থৈ ইনভা গাড়ী খনত থকা লোক কেইজনে আতৰি যায়। পিছত স্থানীয় ৰাইজে ৰঙিয়া আৰক্ষী থানাত খবৰ দিয়াত  আৰক্ষীৰ লোক  ঘটনাস্থলীত উপস্থিত হৈ আহত দুয়োজন লোকক ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে নবজিৎ কলিতাক মৃৎ বুলি ঘোষণা কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here