Home অসম বানপানীত ঘৰ-ভেটি নিঃচিহ্ন হোৱা পৰিয়াললৈ ১ লাখ টকাকৈ আৰ্থিক অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ...

বানপানীত ঘৰ-ভেটি নিঃচিহ্ন হোৱা পৰিয়াললৈ ১ লাখ টকাকৈ আৰ্থিক অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ , অৰুণোদয় আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত হ’ব ৬ লাখ হিতাধিকাৰী

114
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ ছেপ্টেম্বৰ ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীসকলৰ মাজত প্ৰত্যেকলৈ ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ তেজপুৰ কলেজিয়েট খেলপথাৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই সাহায্য প্ৰদান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ আনহাতে, এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ২০২২ বৰ্ষত বানপানীয়ে ঘৰ-ভেটি সম্পূৰ্ণৰূপে উছন কৰা হিতাধিকাৰীসকলৰ প্ৰত্যেককে ৰ লাখ টকাকৈ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে৷ উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনৰ ৩০৮টা পৰিয়ালক ৰ লাখ টকাকৈ সাহায্য ৰাজ্যজুৰি অনুষ্ঠিত কাৰ্যসূচীত প্ৰদান কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয়ভাৱে তেজপুৰত আয়োজিত এই অনুষ্ঠানত শোণিতপুৰ জিলাত ৪৪গৰাকী হিতাধিকাৰীৰ ভিতৰত কেইগৰাকীমান হিতাধিকাৰীক আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ মহিলা সমাজৰ আৰ্থ-সামাজিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আহিছে৷ অৰুণোদয় আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতিমাহে ৮৩০ টকাৰে আৰম্ভ কৰা এই আঁচনিখনৰ ধন ১ ,০০০ টকাকৈ বৃদ্ধি কৰা হৈছে৷ অহা কেইদিনমানৰ ভিতৰত আৰু ২৫০ টকাকৈ বৃদ্ধি কৰা হ’ব বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিখনৰ অধীনত আৰু ৬ লাখ নতুন হিতাধিকাৰীক সামৰি লোৱা হ’ব৷ তেওঁ লগতে কয় যে বহু পৰিয়ালে এতিয়াও ৰেচন কাৰ্ড পোৱা নাই৷ নতুনকৈ আৰু ১০ লাখ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব৷ ইয়াৰ জৰিয়তে তেওঁলোকে বিনামূলীয়া চাউল লাভ কৰিবলৈ সমৰ্থ হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে যিসকল পৰিয়ালৰ ৰেচন কাৰ্ড আছে তেওঁলোকক আন এখন কাৰ্ড ৰাজ্য চৰকাৰে দিব বিচাৰিছে৷ এই কাৰ্ডৰ জৰিয়তে তেওঁলোকে প্ত লাখ টকাকৈ বছৰি বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰিব৷ ভাষণত মহীয়সী নাৰী ইন্দিৰা মিৰিৰ জীৱন আৰু কৰ্মৰ আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে শৈক্ষিক আৰু সামাজিক বিকাশৰ বাবে যথেষ্ট অৱদান আগবঢ়াই গৈছে৷ জনজাতীয় সমাজখনক শিক্ষাৰ আলোকেৰে আলোকিত কৰিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰিছিল৷ এই মহান নাৰীগৰাকীৰ স্মৃতিত ৰাজ্য চৰকাৰে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা আঁচনিখন আৰম্ভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সামৰি নোলোৱা বিধৱা মহিলাসকলক এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হৈছে৷ পূৰ্বতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ অধীনত হিতাধিকাৰীসকলে নিয়মিত পেঞ্চন লাভ কৰিবলৈ সমৰ্থ হোৱা নাছিল৷ বৰ্তমানৰ চৰকাৰৰ পদক্ষেপৰ বাবে প্ৰতি মাহৰ ১০ তাৰিখে এই আঁচনিসমূহৰ ধন হিতাধিকাৰীসকলে লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ এই আঁচনিখনৰ অধীনত যিসকলে এতিয়াও উপকৃত হ’ব পৰা নাই তেওঁলোকক গাঁও পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ তেওঁ আহ৩ান জনায়৷ আনহাতে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক এই আঁচনিখন অধিক জনপ্ৰিয় কৰি তুলিবলৈও তেওঁ আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰৰ বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে দুমাহৰ ভিতৰতে আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বানপানীৰ কবলত পৰা লোকসকলক উদ্ধাৰ আৰু সাহায্য কাৰ্য, শিবিৰত খাদ্য-সামগ্ৰী যোগান, শিবিৰৰ পৰা অহাৰ সময়ত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে আৰ্থিক সাহায্য, বানপানীত মৃত্যু হোৱাৰ লোকৰ পৰিয়াললৈ চ্ছ্ৰ লাখ টকাকৈ সাহায্য প্ৰদানৰ বিষয়টো আলোকপাত কৰে৷ তেওঁ কয় যে ঘৰ-বাৰী উটুৱাই নিয়া পৰিয়ালসকলক পূৰ্বতে দিয়া ধনৰ উপৰি আজি অতিৰিক্তভাৱে ৰ লাখ টকাকৈ প্ৰদান কৰা হৈছে৷ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ বাবে মেধাসম্পন্ন দৰিদ্ৰ পৰিয়ালৰ সন্তানেও চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হৈছে৷ অহা ৬-জ্জ মাহৰ ভিতৰত ৰ লাখ লোকক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হ’ব বুলিও তেওঁ কয়৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাষণ প্ৰদান কৰি কয় যে মুখ্যমন্ত্ৰীৰ দৃঢ় পদক্ষেপৰ বাবে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিখনৰ সফল ৰূপায়ণ সম্ভৱ হৈ উঠিছে৷ এই আঁচনিখনৰ জৰিয়তে বিধবা মহিলাসকল উপকৃত হ’ব পাৰিছে বুলিও তেওঁ কয়৷ আজিৰ এই অনুষ্ঠানত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ পল্লৱ লোচন দাস, বিধায়কসকল ক্ৰমে পৃথ্বিৰাজ ৰাভা, গণেশ লিম্বু, কৃষ্ণকমল তাঁতী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here