Home অসম অসম-বংগ সীমান্তত অসম আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু-মহ : গ্ৰেপ্তাৰ ১০ সৰবৰাহকাৰী

অসম-বংগ সীমান্তত অসম আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু-মহ : গ্ৰেপ্তাৰ ১০ সৰবৰাহকাৰী

73
0


গণ বাৰ্তা, গোলকগঞ্জ , ২১ নৱেম্বৰ: বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযানত চোৰাং গৰুসহ দহজনক গ্ৰেপ্তাৰ কৰা হয়৷ যোৱানিশা চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা অসমত প্ৰৱেশ কৰা দুখন গৰু কঢ়িওৱা গাড়ী এখন বিলাসী বাহনসহ মুঠ তিনিখন গাড়ী ১২টা গৰু-ম’হসহ ১০জন সৰবৰাহকাৰীক আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ দেওবাৰে নিশা প্ৰথমটো অভিযান চলে গোলকগঞ্জৰ অসম-বংগ সীমান্তৰ ছোটগুমাত৷ ছোটগুমাত আৰক্ষী চকীৰ আৰক্ষীৰ অভিযানত দুখনকৈ বাহনসহ জব্দ কৰাৰ লগতে ছটাকৈ গৰু-ম’হ জব্দ কৰিবলৈ সক্ষম হয়৷ আটক কৰে চালকসহ পাঁচটাকৈ চোৰাং সৰবৰাহকাৰীক৷ ছোটগুমা আৰক্ষীয়ে অভিযান চলাই পশ্চিম বংগৰ পৰা অসমলৈ ছটাকৈ গৰু-ম’হ কঢ়িয়াই অনা AS ০১ ECয৯০৬২ নম্বৰৰ পিক-আপ ভানসহ দুজনকৈ চালকক আটক কৰে৷ যদিও উক্ত অভিযানটোত আৰক্ষীয়ে AS ০১ AVয ২৩৯৪ নম্বৰৰ বিলাসী বাহনসহ তিনিজনকৈ চোৰাং গৰু ব্যৱসায়ীকো আটক কৰিবলৈ সক্ষম হয়৷ ধৃত চালক আৰু চোৰাং গৰু সৰবৰাহকাৰীকেইজন হ’ল– ৰহিম বাদশ্বাহ, ছাদ্দাম হুছেইন, নছমত আলী, আজাদ আলী আৰু ৰমজান আলী৷ একেদৰে বালাজান আৰু গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই এখন গৰু কঢ়িওৱা পিক-আপ ভানসহ ছটাকৈ গৰু-ম’হ আৰু পাঁচজনকৈ গৰু সৰবৰাহকাৰীক আটক কৰে৷ বালাজান আৰু গৌৰীপুৰ আৰক্ষীয়ে যৌথ অভিযান চলাই আটক কৰা গৰু কঢ়িওৱা গাড়ীখনৰ নম্বৰ AS-১৭Bয৮৭৭৩৷ ধৃত সৰবৰাহকাৰীকেইজন হ’ল– আমিনুৰ ৰহমান, হাফিজুৰ ৰহমান, আব্দুৰ ৰহমান, মাজম আলী ভূঞা আৰু ৰমেশ দাস বুলি আৰক্ষীয়ে জনাইছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য উদ্‌ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে যদিও সংবাদ মাধ্যমৰ সন্মুখত কোনো তথ্য সদৰী কৰা নাই বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here