Home অসম ভোগালীৰ ভোগ: উৰুকা উপলক্ষে মুখ্যমন্ত্ৰীক ১০ কেজি ওজনৰ চিতল উপহাৰ

ভোগালীৰ ভোগ: উৰুকা উপলক্ষে মুখ্যমন্ত্ৰীক ১০ কেজি ওজনৰ চিতল উপহাৰ

294
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ জানুৱাৰী: আজি বৃহত্তৰ উজানবজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি ১০ কেজি ওজনৰ এটা চিতল মাছ উৰুকাৰ উপহাৰ হিচাপে আগবঢ়ায়৷ জাতিটোৰ গতিশীল সাংস্কৃতিক সত্তা আৰু জীৱনবোধৰ সবল অভিব্যক্তি মাঘ বিহুৰ উৰুকাৰ প্ৰাক ক্ষণত এই বিশেষ উপহাৰ লাভ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আনন্দ প্ৰকাশ কৰাৰ লগতে সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে অসমীয়াৰ বাপতি-সাহোন এই বিহুৱে সকলোৰে জীৱন ভোগৰে ওপচাই তুলিব বুলি আশা প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত বৃহত্তৰ উজানবজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা সাধাৰণ সম্পাদক ভাস্কৰ দাসৰ লগতে সন্থাৰ সদস্য ক্ৰমে বিলু দাস, হৰিৎ মেধি আৰু দিলীপ মেধি উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here