ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ নৱেম্বৰ: চলিত নৱেম্বৰৰ ভিতৰতে অসমৰ ১০০ শতাংশ যোগ্য লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হ’ব পৰাকৈ ৮ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ আন এক ব্যাপক ক’ভিড প্ৰতিষেধক অভিযান আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে৷ এই দুসপ্তাহজোৰা অভিযানৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিখন গাঁৱতে এতিয়ালৈকে এপালিও ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা ১৮ বছৰৰ ঊৰ্ধৰ অৱশিষ্ট প্ৰতিগৰাকী যোগ্য লোককে প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লৈছে স্বাস্থ্য বিভাগে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যত এতিয়াও এপালিও ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰাকৈ থকা প্ৰতিগৰাকী যোগ্য লোককে অহা ২১ নৱেম্বৰৰ ভিতৰতে প্ৰতিষেধক গ্ৰহণ কৰি নিজৰ লগতে পৰিয়াল আৰু সমাজৰ সকলো লোককে ক’ভিডৰ পৰা সুৰক্ষিত কৰি অসমক ক’ভিডমুক্ত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাত আগবাঢ়ি আহিবলৈ পুনৰবাৰ আহ৩ান জনাইছে৷ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰথম পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলকো যথা সময়ত দ্বিতীয় পালি প্ৰতিষেধক ল’বলৈ অনুৰোধ কৰিছে৷ উল্লেখ্য যে যোৱা জ্জ নৱেম্বৰলৈকে অসমত ২ কোটি ২ লাখ ৯১ হেজাৰ ৩৯ গৰাকী লোকে প্ৰথম পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে৷ প্ৰথম আৰু দুয়োপালি মিলাই স্বাস্থ্য বিভাগে এইপৰ্যন্ত ৰাজ্যখনত মুঠ ২ কোটি ৮৯ লাখ ৩২ হেজাৰ ৬২২ পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হৈছে৷