Home স্থানীয় বেঁকীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম গোৱৰ্ধনাৰ ১১৫ বছৰীয়া শংকৰ-মাধৱ সত্ৰ ; সত্ৰখন...

বেঁকীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম গোৱৰ্ধনাৰ ১১৫ বছৰীয়া শংকৰ-মাধৱ সত্ৰ ; সত্ৰখন জীয়াই ৰাখিবলৈ চৰকাৰলৈ আহ্বান অঞ্চলবাসীৰ

34
0

গণ বাৰ্তা, শালবাৰী, ২৩ মে’ : বেঁকী নৈৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে শালবাৰীৰ গোৱৰ্ধনাৰ ১১৫ বছৰীয়া ঐতিহ্যমণ্ডিত শংকৰ-মাধৱ সত্ৰ৷ সম্প্ৰতি সত্ৰখনৰ পৰা মাত্ৰ ৫০ মিটাৰ আঁতৰত বেঁকী নৈয়ে অৱস্থান কৰাত কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে সত্ৰখনৰ সতে ওতপ্ৰোতভাবে জড়িত স্থানীয় লোকৰ লগতে নৈপৰীয়া ৰাইজ৷ অসমীয়া জাতীয় জীৱনৰ চিনস্বৰূপে প্ৰতিষ্ঠিত ১১৫ বছৰীয়া এই সত্ৰখনক যিকোনো মূল্যৰ বিনিময়ত বিটিআৰেই হওক কিম্বা অসম চৰকাৰকেই হওক জীয়াই ৰাখিবলৈ কৰযোৰে ৰাইজে আহ্বান জনাইছে৷ বিগত কেবাটাও বছৰ ধৰি বেঁকী নৈৰ খহনীয়াই বাক্সা-বৰপেটাৰ হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ দুৱাৰ, খেতিমাটি নিঃশ্চিহ্ন কৰি নৈপৰীয়া ৰাইজক সৰ্বস্বান্ত কৰি অৱশেষত বৰপেটাৰোড-মানাহ সংযোগী পথৰ কাষতে থকা শংকৰ-মাধৱ সত্ৰখনলৈও আনিছে চূড়ান্ত ভাবুকি৷ যোৱাটো বৰ্ষত সত্ৰখনৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত অৱস্থান কৰা বেঁকী নৈ খহনীয়াৰ বাবে এতিয়া একেটা বছৰতে অৱস্থান লৈছে মাত্ৰ ৫০ মিটাৰ দূৰত্বত৷ এইটো বৰ্ষতেই যদি বেঁকীৰ গৰাখহনীয়া ৰোধ কৰিব পৰা নাযায় তেতিয়াহ’লে ৰোধ কৰিব পৰা নাযাব শতায়ু গৰকা গোৱৰ্ধনাৰ এইখন শংকৰ-মাধৱ সত্ৰৰ লগতে বৃহত্তৰ গোৱৰ্ধনা গাঁওখন৷ সেয়ে সত্ৰসমিতিৰ প্ৰাক্তন সভাপতি প্ৰমোদ বৰ্মণ, সভাপতি সৰগবিন্দ দাস, সাধাৰণ সম্পাদক সদানন্দ দাস, কাৰ্যকৰী সদস্য নিগন্ত দাসে৷ ইয়াৰ এক সুব্যৱস্থা গ্ৰহণ কৰিবৰ আহ্বান জনায়৷ ( আমিৰ আলী, শালবাৰী )

LEAVE A REPLY

Please enter your comment!
Please enter your name here