Home অসম মেঘালয়ত শূন্য হোৱাৰ দিশে কংগ্ৰেছ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১২ বিধায়কৰ টিএমচিত...

মেঘালয়ত শূন্য হোৱাৰ দিশে কংগ্ৰেছ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১২ বিধায়কৰ টিএমচিত যোগদান

85
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ নৱেম্বৰ: কংগ্ৰেছ দলত মোক্ষম আঘাত৷ কংগ্ৰেছ শূন্য হোৱাৰ দিশত মেঘালয়৷ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ১১গৰাকী বিধায়কৰ সৈতে যোগ দিছে তৃণমূল কংগ্ৰেছত৷ চাংমা নেতৃত্বাধীন বিধায়কসকলে ইতিমধ্যে এই সন্দৰ্ভত মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোক অৱগত কৰে৷ পৰৱৰ্তী সময়ত এই দলটোৱে তৃণমূল কংগ্ৰেছক সমৰ্থন জনোৱাৰ লগতে দলটোৰ হকে কাম কৰিব৷ প্ৰায় এক দশকৰো অধিক সময় মেঘালয়ৰ শাসনৰ বাঘজৰী চম্ভালা কংগ্ৰেছে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত নেচনেলিষ্ট পিপ’লছ পাৰ্টীৰ হাতত পৰাজিত হৈছিল৷ ৰাজ্যখনৰ সদনৰ ৬০খন আসনৰ বিপৰীতে লাভ কৰিছিল মাথোঁ ১৯খন আসন৷ এই সন্দৰ্ভত কোনো স্থিতি বৰ্তমানলৈকে স্পষ্ট কৰা নাই মুকুল চাংমাই৷ কিন্তু জানিব পৰা মতে, কংগ্ৰেছৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা মতানৈক্যৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ চাংমাৰ এই সিদ্ধান্তই ৰাজ্যখনত ২০২৩ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত যে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব, সেয়া সহজে অনুমেয়৷ বিগত সময়ছোৱাত ৰাজনৈতিক প্ৰেক্ষাপটত ঘটি থকা ঘটনাসমূহ বিশ্লেষণ কৰি চালে এটা কথা স্পষ্ট হয় যে শেহতীয়াকৈ কে’বাজনো জ্যেষ্ঠ ৰাজনৈতিক নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰিছে৷ সম্প্ৰতি মেঘালয়ত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পূৰ্ণ এ চাংমাৰ পুত্ৰ কনৰাড চাংমাৰ নেতৃত্বত এনপিপিয়ে শাসনভাৰ চলাই আছে৷ এই দলটো বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ অংশীদাৰ৷ মুকুল চাংমাৰ উপৰি তৃণমূলত যোগদান কৰা অন্যান্য বিধায়সকল হৈছে- চাৰ্লছ পিনগ্ৰোপ [নংথিম্মাই], হিমালয় শ্বাংপলিয়াং [মৌচিনৰাম], জৰ্জ বি লিংডোহ [উমৰোই], জে বি শিটলাং পালে [চুতংগা-চাইপুং], দিক্কাঞ্চি ডি শিৰা [মহেন্দ্ৰগঞ্জ], মিয়ানি ডি শিৰা [আমপতি], জেনিথ চাংমা [ৰংচাকোনা], মাৰ্থন জে চাংমা [মেন্দিপথাৰ], জিমি ডি চাংমা [টিক্ৰিকিল্লা], ৱিনাৰ্ছন ডি চাংমা [চলমানপাৰা] আৰু লাজাৰছ এম চাংমা [চকপট]৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here