নছিদুৰ ৰহমান, মৈৰাবাৰী, ২৯ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱত আজি আৰক্ষীয়ে চোৰাং বেপাৰী এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ পেট্ৰ’ল-ডিজেল জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, চহৰীয়া গাঁৱৰ খুচনুৰ হুছেইনৰ নেতৃত্বত তিনি-চাৰিজনীয়া চোৰাং তেলৰ বেপাৰীকেইজনে ঠেকেৰাগুৰিৰ তেল মাফিয়াৰ পৰা অবৈধভাৱে কম দামত পেট্ৰ’ল-ডিজেল ক্ৰয় কৰি মৈৰাবাৰী, লাহৰীঘাট, ভূৰাগাঁও, বৰচলা, হাঁহচৰা আদি ঠাইত অবৈধভাৱে ব্যৱসায় চলাই আছে৷ মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে খুচনুৰ হুছেইনৰ ঘৰত অভিযান চলাই পেট্ৰ’ল আৰু ডিজেলভৰ্তি ১৫টা ড্ৰাম জব্দ কৰাৰ লগতে খুচনুৰ হুছেইনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ প্ৰতিটো ড্ৰামত ২২০ লিটাৰকৈ পেট্ৰ’ল থকাৰ উপৰি জ্ঝটা খালী ড্ৰাম জব্দ কৰে৷ ঠেকেৰাগুৰি আৰু মনিটুপৰ গাঁৱৰ তেল মাফিয়া কপিল, মাচুদ হুছেইন আৰু দিলোৱাৰ হুছেইনে প্ৰত্যেকদিনা টাটা ম’বাইল গাড়ীৰে চোৰাংকৈ তেল সৰবৰাহ কৰে৷ ইফালে, মৈৰাবাৰীৰ আৰক্ষীয়ে চোৰাং তেল বেপাৰী খুচনুৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে৷