Home Recommended নগাঁৱৰ বঢ়মপুৰৰ দুৰ্গম পাহাৰত শোকাৱহ ঘটনা : বজ্ৰপাতত নিহত ১৮টা বন্যহস্তী

নগাঁৱৰ বঢ়মপুৰৰ দুৰ্গম পাহাৰত শোকাৱহ ঘটনা : বজ্ৰপাতত নিহত ১৮টা বন্যহস্তী

133
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৩ মে’ : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অতি দূৰ্গম এলেকা তপতজুৰিৰ বামুণী পাহাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।তপতজুৰিৰ বামুণী পাহাৰত মৃত্যু হৈছে এটা বন্যহস্তীৰ জাকৰ। বজ্ৰপাত পৰিয়ে হাতীৰ জাকটো এইদৰে কৰুণ মৃত্যু ঘটা বুলি সন্দেহ কৰিছে বন বিভাগৰ লোকে। উল্লেখযোগ্য যে, যোৱা দুদিন ধৰি নগাঁও জিলাত বজ্ৰপাতৰ ফলত ব্যাপক ক্ষয়ক্ষতি হৈছে। বন্যহস্তীৰ আশ্ৰয়স্থল হিচাপে পৰিচিত বামুণী পাহাৰত প্ৰায় ২০জনীয়া এটা হাতীৰ দলে দীৰ্ঘদিন ধৰি আশ্ৰয় লৈ আছিল। পাহাৰৰ ওখ চুড়াত আশ্ৰয় লৈ থকা বন্যহস্তীৰ জাকটোৰ মৃতদেহৰ সন্ধানত ইতিমধ্যেই নগাঁও জিলা বন বিভাগে অভিযান আৰম্ভ কৰি ১৮টাকৈ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মৃত হাতী কেইটা মতা নে মাইকী সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই বুলি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীয়ে জানিবলৈ দিছে। দুপৰীয়াৰ পৰা অভিযানৰ চলোৱাৰ পিছত সন্ধ্যা হোৱাৰ বাবে অভিযান আজি সামৰি উভতি আহে বন বিভাগৰ দলটো। যাৰ বাবে কাইলৈ পুৱাও সেই অঞ্চলত বন বিভাগে অভিযান চলাব। ইতিমধ্যে বন বিভাগৰ উচ্চপদস্থ বিষয়া সকলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ পৰ্য্যবেক্ষণ কৰিছে। কাইলৈ উদ্ধাৰ হোৱা বন্যহস্তীৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here