পুলেন্দ্ৰ দাস, বৰপেটা, ২৩ অক্টোবৰ ঃ খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰি অহা বৰ্তমানৰ চৰকাৰৰ দিনতো চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছে বৰপেটা চহৰৰ এটি অঞ্চল। ছয় বছৰে ৰেচন কাৰ্ডৰ সামগ্ৰী লাভৰ পৰাও বঞ্চিত হৈ আছে এই অঞ্চলটোৰ ১৬২টা খিলঞ্জীয়া পৰিয়াল। ২০১৬ চনৰ পৰা ক’লনীৰ ১৬২টা পৰিয়ালে ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰা নাই। যাৰ ফলত দুৰ্ভোগ ভুগি আছে উক্ত দুখীয়া ১৬২টা পৰিয়ালে। লকডাউনৰ সময়ছোৱাত দুখীয়া লোকক চৰকাৰে বিভিন্ন সাহায্য প্ৰদান কৰিছিল যদিও ১৬২টা পৰিয়ালে তেনে সামগ্ৰী লাভৰ পৰাও বঞ্চিত হ’ব লগা হৈছিল। উল্লেখ্য যে দক্ষিণ ঘিলাজাৰী সমবায় সমিতি লিমিটেডৰ অধীনত অঞ্চলবাসীয়ে পূৰ্বতে নিয়মীয়াকৈ ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰি আছিল। তেতিয়া বাঁহমূৰা গাঁও পঞ্চায়তৰ অধীনত আছিল ক’লনীৰ এই অঞ্চল। কিন্তু পৰৱৰ্তী সময়ত সনকুছি ক’লনীৰ এই অঞ্চল বৰপেটা পৌৰসভাৰ বৰ্ধিত অঞ্চলত অন্তৰ্ভুক্ত কৰে। বৰপেটা পৌৰসভাত অন্তৰ্ভুক্ত হোৱাৰ পিছৰে পৰা অৰ্থাৎ ২০১৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই ৰেচন কাৰ্ডৰ কোনো সামগ্ৰী লাভ কৰা নাই সনকুছি ক’লনীৰ এই ১৬২টা পৰিয়ালে। দুৰ্ভগীয়া অঞ্চলবাসীয়ে উল্লেখ কৰে যে ৰেচন কাৰ্ডৰ সামগ্ৰীৰ লগতে প্ৰধানমন্ত্ৰী আৱাস গৃহ, অৰুণোদয়, বিনামূলীয়া শৌচাগাৰ আদিৰ সুবিধাৰ পৰাও বঞ্চিত হ’ব লগা হৈছে । স্থানীয় ৰাইজে জনায় যে এই বিষয়টো উপায়ুক্তৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগকো অৱগত কৰে যদিও আজিলৈ সুফল নাপালে বৰপেটা সনকুছি ক’লনীৰ ১৬২টা দুখীয়া পৰিয়ালে। কাৰ ভুলৰ বাবে সনকুছি ক’লনীৰ ১৬২টা দুখীয়া পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিবলগীয়া সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হ’ল সেয়া লাখটকীয়া প্ৰশ্ন। এইক্ষেত্ৰত ভুক্তভোগী ৰাইজে বৰপেটাৰ অভিভাৱক মন্ত্ৰী তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দৃষ্টি আকৰ্ষণ কৰিছে।