Home অসম ২অসম অসামৰিক সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

২অসম অসামৰিক সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

143
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ নৱেম্বৰ ঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ২০২১ বৰ্ষৰ বেটচ্‌ৰ অসম অসামৰিক সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সৈতে মত-বিনিময় কৰে। উল্লেখ্য যে ৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই তিনি সপ্তাহজোৰা ফাউণ্ডেচন প্ৰশিক্ষণ কাৰ্যসূচী অহা ২৬ নৱেম্বৰলৈ অব্যাহত থাকিব। ২০২১ বৰ্ষৰ অসামৰিক সেৱাৰ এই বেটচ্‌টোত ১৩৪গৰাকী বিষয়া আছে। ইয়াৰে প্ৰথম পৰ্যায়ত ৬৮গৰাকী বিষয়াই এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত বাকীকেইগৰাকী বিষয়াই এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ ল’ব। অসম অসামৰিক সেৱাৰ এই বিষয়াসকলক শুেভচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে তেওঁলোকক অধিক দায়বদ্ধতাৰে জনসাধাৰণলৈ সেৱা আগবঢ়োৱাৰ বাবে আহ্বান জনায়, যাতে সু-শাসনৰ ফল সমাজৰ শেষ¸ৰগৰাকী লোকেও লাভ কৰিব পাৰে। অসামৰিক সেৱাৰ পৰীক্ষাত নিৰ্বাচিত হোৱাটো প্ৰতিগৰাকী প্ৰতিভাৱান প্ৰাৰ্থীৰ এক সপোন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী বিষয়াক সমাজৰ এগৰাকী ব্যক্তি বুলি গণ্য কৰি সমাজৰ পৰা কোনো কাৰণতে যাতে বিচ্ছিন্ন নহয় তাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে বিষয়াসকলক চাকৰিকালৰ প্ৰতিক্ষণতে ভগৱান আৰু সমাজৰ বাবে সদায়ে কৃতজ্ঞ হৈ থকাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লোৱা প্ৰক্ৰিয়াত সদায়ে নিজস্ব আৰু উদ্ভাৱনীমূলক চিন্তা-চৰ্চা অৱলম্বনেৰে কাম কৰাৰ বাবে তেওঁলোকক আহ্বান জনায়।

প্ৰতিগৰাকী বিষয়াই কমেও ২৫ৰ পৰা ৩০ বছৰ ধৰি চাকৰি কৰিব বুলি উল্লেখ কৰি এতিয়াৰে পৰা দায়বদ্ধ চিন্তা-চৰ্চাৰে আগবাঢ়িলে আগন্তুক সময়ত সমাজ ৰূপান্তৰৰ একো একোগৰাকী নায়ক হিচাপে তেওঁলোকে সন্মান বুটলিবলৈ সক্ষম হ’ব বুলিও কয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক কয় যে তেওঁলোকে যদিহে মূলৰ পৰা বিচ্ছিন্ন নহয়, তেতিয়া হ’লে জীৱনত বহু দূৰ আগুৱাই যাব পাৰিব। ইয়াৰ বাবে বিষয়াসকলে সমাজ তথা জনসাধাৰণৰ প্ৰতি সদায় সংবেদনশীল হৈ কাম কৰিব লাগিব। মানুহে সংবেদনশীল আৰু হৃদয়ৱান বিষয়াক সদায়ে শ্ৰদ্ধা কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক ভৱিষ্যৎ সময়ত তেনে দৃষ্টিভংগীৰে কৰ্মত অগ্ৰসৰ হোৱাৰ বাবে আহ্বান জনায়। চৰকাৰে প্ৰশাসন ব্যৱস্থাক জনমুখী কৰাৰ বাবে বহুসংখ্যক পদক্ষেপ লৈছে বুলি উল্লেখ কৰি এই পদক্ষেপৰ অংশীদাৰ হৈ জনসাধাৰণক নিৰ্ভীক, শৃংখলাবদ্ধ আৰু নিষ্ঠাৱান হোৱাৰ বাবেও আহ্বান জনোৱাৰ লগতে¸ কোনো কাৰণতে মূল্যবোধৰ লগত আপোচ নকৰাৰ সংকল্প ল’বলৈও আহ্বান জনায়। আজিৰ এই মত-বিনিময় অনুষ্ঠানত প্ৰশিক্ষণৰত বিষয়াসকলে প্ৰশাসনৰ বিভিন্ন বিষয় সামৰি মুখ্যমন্ত্ৰীক সোধা বিভিন্ন প্ৰশ্নৰো তেখেতে উত্তৰ প্ৰদান কৰে। আজিৰ এই মত-বিনিময় অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হাৰ লগতে প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here