Home Main Stories বানত ৰাজ্যৰ ২,০০০ কিঃমিঃ পথ বিধবস্ত

বানত ৰাজ্যৰ ২,০০০ কিঃমিঃ পথ বিধবস্ত

66
0

পুনৰ চাৰিজনৰ মৃত্যু, মৃতকৰ সংখ্যা ১২১জনলৈ বৃদ্ধি, বছৰি বানত ৮০০০ হেক্টৰ ভূমি প্ৰভাৱিত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ জুন ঃ প্ৰলয়ংকৰী বানৰ প্ৰকোপ ৰাজ্যত হ্ৰাস পাইছে যদিও ৰাইজৰ দুখ-দুৰ্দশা হ্ৰাস পোৱা নাই। বানৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছত ৰাজ্যবাসীয়ে ন ন সংকটৰ মুখামুখি হ’বলগীয়া হৈছে। আপোন ঘৰখন বিচাৰি বানাক্ৰান্ত ৰাইজে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। কিয়নো, এইবাৰৰ বানত ৰাজ্যৰ বিস্তৰ ক্ষতি হৈছে। কৃষিভূমিকে ধৰি ৰাস্তা-পদূলিৰ উপৰিও ঘৰ-দুৱাৰ, পশুধনৰ বিস্তৰ ক্ষতি হৈছে। প্ৰলয়ংকৰী বানৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে যদিও বহু বানাক্ৰান্ত ৰাইজে এতিয়াও বানৰ সৈতে মোকাবিলা কৰি থাকিবলগীয়া হৈছে। বহু স্থানত যদি খাদ্যৰ অভাৱে দেখা দিছে, আন বহু স্থানত আকৌ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱে বাৰুকৈয়ে বানাক্ৰান্ত ৰাইজক জুৰুলা কৰিছে। বানৰ পিছত এনে বহু সংকটৰ মুখামুখি হ’বলগীয়া হৈছে বানাক্ৰান্ত ৰাইজ। বানৰ প্ৰকোপ হ্ৰাস পাইছে যদিও মৃতকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই আছে। আজি পুনৰ চাৰিজন লোকৰ মৃত্যু হয়। ফলত মৃতকৰ সংখ্যা ১২১জনলৈ বৃদ্ধি পাইছে।

এইবাৰৰ বানৰ তাণ্ডৱলীলা ইমানেই ভয়াৱহ আছিল যে ২,০০০ কিলোমিটাৰতকৈ অধিক পথ সম্পূৰ্ণৰূপে বিধবস্ত হৈছে। ইয়াৰ উপৰিও ৰে’লপথকে ধৰি ৰাস্তা-ঘাট, দলঙৰ বিস্তৰ ক্ষতি হৈছে। এই বানত ডিমা হাছাও জিলাৰ অধিক পথ বিধবস্ত হৈছে। ডিমা হাছাওৰ ৮০০ কিলোমিটাৰ পথ বিধবস্ত হৈছে। মুঠ ৰাজ্যত ২,০৩৮ কিলোমিটাৰ পথ বিধবস্ত হৈছে বুলি জানিব পৰা গৈছে। ফলত ৰাজ্য চৰকাৰৰ ১,০০০ কোটি টকাতকৈয়ো অধিক ধনৰ ক্ষতি হৈছে। ডিমা হাছাও জিলাৰ ৮০০ কিলোমিটাৰ বিধবস্ত পথৰ ভিতৰত ৬২ কিলোমিটাৰ ৰাজ্যিক ঘাইপথ, ২১২ কিলোমিটাৰ মূল জিলা পথ আৰু ৫২৫ কিলোমিটাৰ গ্ৰাম্যপথ বিধবস্ত হৈছে। জিলাখনত ৮০০ কোটি টকাতকৈয়ো অধিক ধনৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। নগাঁও জিলাত ৫৫ কিলোমিটাৰতকৈ অধিক ৰাজ্যিক ঘাইপথ বিধবস্ত হৈছে। ৮ কিলোমিটাৰ মূল জিলাপথ আৰু ২০৭ কিলোমিটাৰ গ্ৰাম্য পথ বিধবস্ত হৈছে। বৰপেটা জিলাত ১৭৩ কিলোমিটাৰ, কাছাৰৰ ১৮৮ কিলোমিটাৰ, গোৱালপাৰাৰ ১৫১ কিলোমিটাৰ পথ বিধবস্ত হৈছে।

উল্লেখ্য যে সংহাৰী বানৰ ফলত বৃহৎ কৃষিভূমিৰ ক্ষতি হৈছে। ৮০,৩৪৬.৮ হেক্টৰ কৃষিভূমি বানত প্ৰভাৱিত হৈছে, যাৰ ফলত বহু কৃষকে এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে। ৰাজ্যৰ বহু কৃষক যিহেতু দৰিদ্ৰ সীমাৰেখাৰ তলৰ, এনেস্থলত যিসকল কৃষকে বেংকৰ ঋণ অথবা আন উৎসৰ পৰা ঋণ লৈ কৃষিত বিনিয়োগ কৰিছিল, সেইসকল কৃষকে এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া কৃষকৰ দুখ-দুৰ্দশাৰ অন্ত নোহোৱা হৈছে। সকলোৱে এতিয়া চৰকাৰলৈ আশাৰে বাট চাই ৰৈছে, যাতে তেওঁলোকক কিছু আৰ্থিক সাহায্য প্ৰদান কৰে। বহু কৃষকৰ শস্য এতিয়া কৃষি পথাৰতে পচিবলৈ ধৰিছে। ধানকে ধৰি অন্যান্য শস্যসমূহ এতিয়া কৃষি পথাৰতে পচি ৰৈছে। এনেস্থলত ৰাজ্যখনে এক ভয়ংকৰ খাদ্যৰ সংকটত পৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে ইয়াৰ প্ৰভাৱ ৰাজ্যৰ বজাৰসমূহত দেখিবলৈ পোৱা গৈছে। শাক-পাচলিকে ধৰি অন্যান্য সামগ্ৰীৰ মূল্য এতিয়া অভাৱনীয় হাৰত বজাৰত মূল্যবৃদ্ধি ঘটিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি বৰ্তমানো ২৭খন জিলা বানত প্ৰভাৱিত হৈ আছে। একেদৰে ৭৯খন ৰাজহ চক্ৰ প্ৰভাৱিত হৈ আছে। তেওঁলোকৰ প্ৰতিবেদন অনুসৰি বৰ্তমানেও ২৩,৩২৭১জন লোক আশ্ৰয় শিবিৰত আছে। ইয়াৰ ভিতৰত সৰ্বাধিক কাচাৰ জিলাত আছে। ভয়ংকৰ বানৰ সন্মুখীন হোৱা কাছাৰ জিলাত ১,০৯,৮৬৮জন লোক আশ্ৰয় শিবিৰত আছে। ইয়াৰে পিছত বৰপেটা জিলাত ৬৯,৭৯৮জন লোক আশ্ৰয় শিবিৰত আছে।

একেদৰে নগাঁও জিলাত ১৯,৬১৮জন লোক আশ্ৰয় শিবিৰত আছে। এই বানৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছত বহু জিলাত এতিয়া গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। গৰাখহনীয়াৰ ফলত বছৰি বৃহৎ ভূমি নদীৰ বুকুত জাহ যাবলৈ ধৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ১৯৫৪ চনৰ পৰা বৰ্তমানলৈ বানৰ ফলত ৪ লাখ ২৭ হাজাৰ হেক্টৰ ভূমি নদীৰ বুকুত জাহ গৈছে। প্ৰতিবছৰে ৮,০০০ হেক্টৰ ভূমি নদীৰ বুকুত জাহ যাবলৈ ধৰিছে। ৰাজ্যৰ মুঠ ভূখণ্ডৰ ৭ শতাংশ ভূমি ইতিমধ্যে নদীৰ বুকুত জাহ যাবলৈ ধৰিছে। ফলত ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰফল দুগুণলৈ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰৰ বুকুত বৃহৎ ভূমি জাহ গৈছে, ফলস্বৰূপে এফালে যদি ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰফল বৃদ্ধি পাইছে, আনফালে আকৌ খহনীয়াৰ কবলত পৰা লোকসকল এতিয়া গৃহহাৰা হ’বলগীয়া হৈছে। উল্লেখ্য যে বানত প্ৰভাৱিত লোকসকলক উদ্ধাৰৰ বাবে এছডিআৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে দিনে-নিশাই চেষ্টা অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি অসমৰ বানাক্ৰান্ত ৰাইজক উদ্ধাৰৰ বাবে ২৬টা এনডিআৰএফ বাহিনী মোতায়েন কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here