Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ২০২৪ ৰ নিৰ্বাচনত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নৰেন্দ্ৰ মোদী : পাটনাত...

২০২৪ ৰ নিৰ্বাচনত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নৰেন্দ্ৰ মোদী : পাটনাত বিজেপি কৰ্মীক সম্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহ

91
0


পাটনা, ৩১ জুলাই ঃ ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ তৰফৰ পৰা প্ৰধামন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব তাক লৈ জল্পনা-কল্পনা অব্যাহত থকাৰ সময়ছোৱাতেই আজি সেই জল্পনা-কল্পনাৰ ওৰ পেলালে গৃহমন্ত্ৰী অমিত শ্বাহে৷ বিহাৰৰ ৰাজধানী পাটনাত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যপৰিষদ বৈঠকত অংশ লৈ গৃহমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ২০২৪১ নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে হ’ব বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী৷ তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পদৰ ৰূপে অৱতীৰ্ণ কৰোৱাই বিজেপিয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ পাটনাত দুদিনীয়াকৈ আয়োজিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যপৰিষদৰ বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদীক ২০২৪১ নিৰ্বাচনত তৃতীয়বাৰৰ বাবে প্ৰধামন্ত্ৰীৰ প্ৰাৰ্থী কৰোৱাৰ প্ৰস্তাৱ গৃহীত কৰা হৈছে৷ উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিয়ে কঁকালত টঙালি বান্ধি ইয়াৰ বাবে সাজু হৈছে৷ ইখনৰ পিছত সিখন সভা বিজেপিয়ে সম্বোধন কৰিবলৈ ধৰিছে৷ তেওঁলোকৰ কাৰ্মকৰ্তাসকলক লৈ ইতিমধ্যে কেইবাখনো সভা সম্বোধন কৰিছে৷ যিকোনো প্ৰকাৰে এইবাৰো বিজেপিয়ে লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে৷ তাৰ বিপৰীতে বিৰোধীত নিমাওমাও পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ ২০২৪১ লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীয়ে যেনেধৰণে আগবাঢ়িব লাগিছিল সেইধৰণে আগবঢ়াৰ পৰিলক্ষিত হোৱা নাই৷ মহাজোঁট গঠনৰ জো-যা চলিছে যদিও এই মহাজোঁটত কোন কোন দল থাকিব সেয়া নিৰ্দিষ্ট হোৱা নাই৷ তাৰ বিপৰীতে বিজেপিয়ে ২০২২১ জুলাইতে ২০২৪১ নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব সেয়া ঘোষণা কৰিছে৷ ইয়াৰ দ্বাৰা এইটো প্ৰতিপন্ন হৈছে যে বিজেপি এতিয়াৰে পৰাই ২০২৪১ নিৰ্বাচনৰ বাবে সাজু হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here