Home Main Stories প্ৰবল তুষাৰপাতত গাড়ীৰ ভিতৰত আৱদ্ধ হৈ ১০ শিশুসহ ২২ পৰ্যটকৰ মৃত্যু পাকিস্তানৰ...

প্ৰবল তুষাৰপাতত গাড়ীৰ ভিতৰত আৱদ্ধ হৈ ১০ শিশুসহ ২২ পৰ্যটকৰ মৃত্যু পাকিস্তানৰ মুৰীত শোকাৱহ ঘটনা

132
0


ইছলামাবাদ, ১০ জানুৱাৰী: তুষাৰপাতৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাবটি ল’লে দহ শিশুসহ ২২জন পৰ্যটকে৷ প্ৰবল তুষাৰপাতৰ মাজতেই গাড়ীৰ ভিতৰতেই দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ থকাৰ ফলতেই সংঘটিত হ’ল এই শোকাৱহ ঘটনা৷ প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তানৰ উত্তৰাঞ্চলত অৱস্থিত পাৰ্বত্য অঞ্চল মুৰীত এই শোকাৱহ ঘটনা সংঘটিত হয়৷ ইতিমধ্যে ২২ জন লোকৰ মৃত্যুৰ তথ্য চৰকাৰীভাৱে প্ৰকাশ পাইছে যদিও এই সংখ্যা অধিক হোৱাৰ আশংকা আছে৷ সেনাই ইতিমধ্যে উদ্ধাৰ কাৰ্যত নামি পৰিছে আৰু পথত জমা হোৱা বৰফ আঁতৰাবলৈ চেষ্টা কৰিছে৷ উল্লেখ্য যে দেশখনৰ ৰাজধানী চহৰ ইছলামাবাদৰ পৰা ৭০ কিলোমিটাৰ উত্তৰ-পূবত অৱস্থিত মুৰী দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ শেহতীয়াকৈ হোৱা অবিৰাম তুষাৰপাতৰ ফলত পথত আবদ্ধ হৈ পৰিছে শাৰী শাৰী গাড়ী৷ পথৰ কোনো কোনো স্থানত ১.২ মিটাৰতকৈয়ো বেছি ডাঠকৈ বৰফ জমা হৈছে৷ তুষাৰপাত চাবৰ বাবেই যোৱা কেইদিনত শ শ যান-বাহন বৰফত আবদ্ধ হৈছে৷ ইতিমধ্যে মুৰীক বিপৰ্যস্ত এলেকা হিচাপে ঘোষণা কৰি পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷ লগতে সাধাৰণ লোককো এই অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here