Home Main Stories লংকাৰ ফুলতলীত চিকিৎসক আক্ৰমণত জড়িত ২৪ জনক আটক

লংকাৰ ফুলতলীত চিকিৎসক আক্ৰমণত জড়িত ২৪ জনক আটক

208
0

লংকাৰ পৰা কৃষ্ণ হাজৰিকা, ২ জুন: কভিডৰ দ্বিতীয়টো ঢৌয়ে সমগ্ৰ দেশত বিভীষিকাৰ সৃষ্টি কৰিছে ৷এনে এক ভয়ানক পৰিবেশত চিকিৎসকসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কভিড ৰোগী সকলক অহৰহ চিকিৎসা সেৱা অব্যাহত ৰাখিছে ৷ কভিড মহামাৰীৰ পৰা মানুহক বচাবলৈ চিকিৎসকসকলে সন্মুখৰ পৰা নেতৃত্ব দি এই কভিড যুঁজখনত অৱতীৰ্ণ হৈছে ৷ কিন্তু এই প্ৰকৃত যোদ্ধাসকলকেই যোৱাকালি লংকাৰ ফুলতলী কভিড চিকিৎসালয়ত এচাম পাষণ্ডই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাটোৱে এতিয়া সমগ্ৰ ৰাজ্যখনত তোলপাৰ লগাইছে ৷ মুঠৰ ওপৰত হোজাই জিলাৰ ফুলতলী কভিড চিকিৎসালয়ত সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাটোৱে সভ্য সমাজক লজ্জানত কৰিলে ৷ এই দুখজনক ঘটনাটোক আৰক্ষী প্ৰশাসনে অতি গুৰুত্বসহকাৰে লৈ যোৱাকালি নিশাটোৰ ভিতৰতে ঘটনাটোত জড়িত মুঠ ২৪ জন দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ যদিও তিনি / চাৰিজন দুষ্কৃতিকাৰী এতিয়াও পলাতক হৈ আছে ৷ এই ২৪ জন আচামী হৈছে ম: কামাৰ উদ্দিন (৩৪), জয়নাল উদ্দিন (৪৭), ৰেহান উদ্দিন (৩২) , ৰাইজুল ইছলাম (২৭) , ৰহিম উদ্দিন (৪৪) , জমিল আহমেদ (২২) , চাহিল ইছলাম ( ১৮) , মিচবাহ বেগম (৩০), চাইদুল আলম ( ১৮) , ৰহিম উদ্দিন (৫৫), তইবুৰ ৰহমান (৩৫), আব্দুল কালাম (২৫), নজৰুল ইছলাম (৩২), আব্দুল গানী(৩২) ,দিলোৱাৰ হুছেইন ( ৩২) , আব্দুল হুছেইন (২৭), আনোৱাৰ হুছেইন ( ২৫), ইক্ৰামুল হুছেইন ( ৩৫), নাচিৰ উদ্দিন ( ৩০), আলিম উদ্দিন (৫৮), চৰিফ উদ্দিন (৩৫), চফিক উদ্দিন ( ৩২), মফিজুৰ ৰহমান( ১৮), মতিবুৰ ৰহমান( ৪৮) ৷ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে নিজা ববীয়াকৈ ভাৰতীয় দণ্ডবিধি ৩৭০/২০২১ নম্বৰত ইউ এছ – ১২০(বি) / ১৪৩/ ৩৪২/৪৪৭/ ৩৩৩/ ৩০৭/ ৩৫৩/ ৪২৭ ধাৰাত ৰুজু কৰি লংকা আৰক্ষীয়ে আজি হোজাই শংকৰদেৱ নগৰৰ জিলা দণ্ডাদিশ ওচৰত হাজিৰ কৰাই আৰক্ষীয়ে পাচঁ দিনৰ বাবে নিজৰ জিন্মাত লয় ৷ ইপিনে আজি ঘটনাৰ বুজ লবলৈ ঘটনাস্হলীত উপস্হিত হোৱা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সাংবাদিক সন্মুখত কয় যে এই ঘটনাটো আৰক্ষীয়ে যথেষ্ট গুৰুত্বসহকাৰে লৈছে আৰু এই ঘটনাৰ লগত জড়িত সকলো লোকৰ এক দৃষ্টান্তমূলক শাস্তি হব আৰু কাকোকে ৰেহাই দিয়া নহব ৷ চিকিৎসা ক্ষেত্ৰখনৰ লগত জড়িত কৰ্তব্যৰত কোনো লোকক এনে শাৰিৰীক ভাৱে আক্ৰমণ কৰিলে আমি সহ্য নকৰো ৷ তেখেতে এই গোটেই বিষয়টো চি আই ডি ৰ বিবেকানন্দ
দাসে পৰ্যবেক্ষন কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ লগতে তেখেতে চাৰ্জশ্বিট অতি সোনকালে দাখিল কৰি কেছটো আগবঢ়াই লৈ যোৱাৰ কথা জানিবলৈ দিয়ে ৷ তদুপৰি যোৱা কালি সংঘটিত হোৱা ঘটনাটোৰ পৰিস্হিতি বুজ লবলৈ নিশা ২ বজাত উপস্হিত হোৱা স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তইও এনে নিন্দনীয় কাৰ্যক আমাৰ চৰকাৰে কেতিয়াও সহ্য নকৰে আৰু এই ক্ষেত্ৰত আমি যথেষ্ঠ উদিগ্ন বুলি সাংবাদিকক জাৱিবলৈ দি দোষীক ৰেহাই দিয়া নহব আৰু চিকিৎসা কৰ্মীয়ে ন্যায় পাবই বুলি ঘোষণা কৰে ৷উল্লখ্য যে যোৱা কালি
ফুলতলী কভিড চিকিৎসালয়ত সংঘটিত হোৱা নিন্দনীয় ঘটনাটোক লংকা প্ৰেছ ক্লাব, লংকা আঞ্চলিক ছাত্ৰ সন্হা, হোজাই জিলা তিৱা ছাত্ৰ সন্হা, আমছু, আদি সংগঠনেও নিন্দা কৰাৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা দি অতি সোনকালে দুস্কৃতিকাৰীক উপযুক্ত শাস্তি দিয়াৰ বাবে আহবান জনাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here