Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ’২৪ ৰ লোকসভা নিৰ্বাচনক লৈ সাজু শাসক দল : মিছন ছাউথৰ ৰোড...

’২৪ ৰ লোকসভা নিৰ্বাচনক লৈ সাজু শাসক দল : মিছন ছাউথৰ ৰোড মেপ প্ৰস্তুত মোদী চৰকাৰৰ দক্ষিণৰ ৫ ৰাজ্য দখলৰ লক্ষ্য বিজেপিৰ

91
0


নতুন দিল্লী, ১৮ ছেপ্টেম্বৰ ঃ
দেশৰ বহুসংখ্যক ৰাজ্যত বিজেপিয়ে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও আজিকোপতি দক্ষিণৰ ৰাজ্যসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা হিন্দীভাষী ৰাজ্যসমূহত অভাৱনীয় হাৰত বিস্তাৰ হৈছে যদিও দক্ষিণৰ ৰাজ্যত তেওঁৰ জনপ্ৰিয়তা এতিয়াও বৃদ্ধি পোৱা নাই৷ কিন্তু আগন্তুক লোকসভা নিৰ্বাচনক লৈ বিজেপিয়ে দক্ষিণৰ ৰাজ্যসমূহ দখলৰ এক নতুন ৰণকৌশল প্ৰস্তুত কৰিছে৷ তেওঁলোকৰ লক্ষ্য হৈছে দক্ষিণৰ পাঁচখন ৰাজ্য দখল কৰা৷ দক্ষিণৰ পাঁচখন ৰাজ্যৰ ১২৯খন লোকসভা আসনৰ দৃষ্টি এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ সেই লক্ষ্য আগত লৈ বিজেপিয়ে আগন্তুক ১৮ মাহত দক্ষিণত বৃহৎ অভিযান চলাব৷ কেৰালা, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত অৰাজনৈতিক নেতাৰ প্ৰতিভাক লগত লৈ বিজেপিয়ে এই ৰাজ্যসমূহত প্ৰচাৰত নমাৰ এক লক্ষ্য আগত লৈছে৷ তেওঁলোকৰ সহায়েৰে বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ কুচকাৱাজ চলাইছে৷ ইয়াৰ বাবে হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত মিছন ছাউথ ৰোড মেপ প্ৰস্তুত কৰে৷ ইয়াৰ অধীনত বিজেপিয়ে ১৮ মাহত ৬ মাহকৈ তিনিটা পৰ্যায়ত বিৰোধীৰ ভোট বিভাজনৰ বাবে প্ৰচাৰত নামিব৷ বিজেপিয়ে এইবাৰ দক্ষিণৰ ৰাজ্যসমহূত তেওঁলোকৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ কেৰালাত পিটি ঊষা, অন্ধ্ৰপ্ৰদেশত বিজেন্দ্ৰ প্ৰসাদ, কৰ্ণাটকত বীৰেন্দ্ৰ হেগড়ে আৰু তামিলনাডুত ইলোয়া ৰাজা ইলোৰা ৰাজাক মোদী চৰকাৰে ৰাজ্যসভালৈ নিৰ্বাচিত কৰে৷ মিছন ছাউথত বিজেপিৰ মুখ্য প্ৰতিদ্বন্দ্বী হ’ব তেলেংগানাত পিআৰএছ নেতা কেচিআৰ আৰু তামিলনাডুত এআইএডিএমকেৰ নেতা এম কে ষ্টালিন৷ উল্লেখ্য যে বিজেপিয়ে ২০১৮১ বিধানসভা নিৰ্বাচনত তেলেংগানাত এখন আসনত জয়লাভ কৰিছিল আৰু তেওঁলোকৰ ভোটৰ হাৰ আছিল জ্জ শতাংশ৷ আনহাতে ২০১৯১ লোকসভা নিৰ্বাচনত চ্ছ্ৰখন আসন লাভ কৰে আৰু তেওঁলোকৰ ভোটৰ হাৰ ১৯.জ্জ শতাংশ৷ ২০১৬ত হায়দৰাবাদ নগৰ নিগম নিৰ্বাচনত বিজেপিয়ে চাৰিখন আসন লাভ কৰে যদিও ২০২০ত ইয়াৰ সংখ্যা বৃদ্ধি পাই হয়গৈ ৪৮খন৷ ৩৫ শতাংশ ভোটৰ জৰিয়তে বিজেপি আৰু টিআৰএছ সমপৰ্যায়ত হৈছে৷ বিজেপিৰ বাবে দক্ষিণৰ সবাতোকৈ গুৰুত্বপূৰ্ণ ৰণক্ষেত্ৰ হ’ব তেলেংগানা, য’ত বিজেপিয়ে তিনি বছৰ ধৰি কঠোৰ সংগ্ৰাম কৰি থকাৰ পিছতো সফলতা লাভ কৰিব পৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here