Home Main Stories পঞ্জাবৰ ৰাজনীতিত প্ৰৱেশ কৃষকৰ : ২৫ সংগঠনে একত্ৰিতভাৱে গঠন কৰিলে ‘সংযুক্ত সমাজ...

পঞ্জাবৰ ৰাজনীতিত প্ৰৱেশ কৃষকৰ : ২৫ সংগঠনে একত্ৰিতভাৱে গঠন কৰিলে ‘সংযুক্ত সমাজ মৰ্চা’ : মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বলবীৰ সিং ৰাজেৱালা

736
0

চণ্ডীগড়, ২৫ ডিচেম্বৰ ঃ তিনি কৃষি আইন বাতিলৰ দাবীৰে এবছৰ ধৰি দিল্লীৰ সীমান্তত আন্দোলন কৰি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা কৃষকসকলে এইবাৰ ৰাজনৈতিক পথাৰত খোজ পেলাইছে। সকলোকে হতভম্ব কৰি আগন্তুক পঞ্জাবৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৃষক সমাজে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। তিনি কৃষি আইন বাতিল কৰি বৃহৎ সফলতাৰে স্বগৃহলৈ উভতি যোৱা কৃষক সমাজে পঞ্জাবৰ বিধানসভা নিৰ্বাচনত আটাইকেইটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। ১১৭টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ২৫ সংগঠনে একত্ৰিতভাৱে সংযুক্ত সমাজ মৰ্চা গঠন কৰিছে। ৰাজ্যখনৰ ৩২টা কৃষক সংগঠনৰ ভিতৰত ২৫টা সংগঠনে পোনপটীয়াকৈ ৰাজনৈতিক পথাৰত খোজ পেলোৱাৰ কথা ঘোষণা কৰিছে। ইয়াৰ বাবে তেওঁলোকে সকলো ৰণনীতিও প্ৰস্তুত কৰিছে। সংযুক্ত সমাজ মৰ্চাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বি কে ইউ ৰাজেৱালাৰ নেতা বলবীৰ সিং ৰাজেৱালা। ৰাজেৱালাক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰিয়েই কৃষকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে। এই ঘোষণাৰ পূৰ্বে চণ্ডীগড়ত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল। উল্লেখ্য যে কৃষক নেতা হৰমিত কান্দিয়াই কয় যে সংযুক্ত কিষাণ মৰ্চাৰ বিভিন্ন চিন্তাধাৰাৰ লোকেৰে গঠন কৰা হৈছিল। সংযুক্ত কিষাণ মৰ্চাই তিনি কৃষি আইন বাতিল কৰি স্বগৃহলৈ ওভতাত কৃষকৰ মনোবল বৃদ্ধি পাইছিল। যদি দিল্লীত কৃষকে দপ্‌দপাব পাৰে, তেন্তে পঞ্জাবত কিয় নোৱাৰিব বুলিও কৃষক সমাজৰ মাজত এক উৎসাহ আহি পৰিছিল। তাৰেই প্ৰতিফলন সংযুক্ত সমাজ মৰ্চা। জনতাৰ কণ্ঠ হ’বলৈ সংযুক্ত সমাজ মৰ্চাই সকলো কাম কৰিব। কৃষক নেতা বলবীৰ ৰাজেৱালাই কয় যে পঞ্জাবৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে ৰাজনীতিৰ পথাৰত খোজ পেলাইছে। ৰাজ্যবাসীয়ে ফোনৰ জৰিয়তে তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আহবান জনাই বুলি উল্লেখ কৰি তেওঁ কয় যে পঞ্জাবৰ আটাইকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। পঞ্জাবৰ লেতেৰা ৰাজনীতিত পৰিৱৰ্তন আনিব। উল্লেখ্য যে পঞ্জাবৰ ১১৭টা বিধানসভা সমষ্টিৰ ভিতৰত ৭৭টা সমষ্টিত নিৰ্ণায়ক ভোটাৰৰূপে পৰিণত হয় কৃষক সমাজ। কৃষকসকলে মিত্ৰজোঁট গঢ়ি তুলিও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকে আম আদমী পাৰ্টীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। আম আদমী পাৰ্টী আৰু তেওঁলোকে এক হৈ আগন্তুক পঞ্জাব বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নিৰ্বাচনৰ পৰা দূৰত্ব বজাই ৰখা আন কৃষক নেতাসকলে প্ৰকাশ কৰিছে যে কৃষক সংগঠনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলেও তেওঁলোকৰ ক’বলগীয়া একো নাই, কিন্তু পঞ্জাবৰ সংযুক্ত কিষাণ মৰ্চাৰ নাম ল’ব নালাগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here