Home অসম দেশৰ ২.৮৬ লাখ অংগনৱাড়ী কেন্দ্ৰ, ৩৮,৪০৮ স্কুলত নাই শৌচাগাৰৰ সুবিধা: অসমৰ ২২,৮১৯...

দেশৰ ২.৮৬ লাখ অংগনৱাড়ী কেন্দ্ৰ, ৩৮,৪০৮ স্কুলত নাই শৌচাগাৰৰ সুবিধা: অসমৰ ২২,৮১৯ টা অংগনৱাড়ী কেন্দ্ৰত নাই শৌচাগাৰ

441
0


নতুন দিল্লী, ৭ ডিচেম্বৰ : দেশৰ ৩৮,৪০৮খন বিদ্যালয় আৰু ২,৮৬,৩১০টা অংগনৱাড়ী কেন্দ্ৰত শৌচাগাৰৰ সুবিধা নাই৷ এই কথা ৰাজ্যসভাত প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ চলিত সংসদৰ শীতকালীন অধিৱেশনত এনচিপিৰ সাংসদ বন্দনা চাৱনৰ এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ৰাজ্যসভাত জলশক্তিৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে কয় যে দেশৰ ৩৮,৪০৮খন বিদ্যালয়ত শৌচাগাৰৰ সুবিধা নাই৷ আনহাতে, ২,৮৬,৩১০টা অংগনৱাড়ী কেন্দ্ৰতো শৌচাগাৰৰ সুবিধা নাই৷ তাৰ উপৰি তেওঁ কয় যে ২,৮৫,১০৩খন বিদ্যালয়ত হাত ধোৱাৰ সুবিধা নাই৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে ৬,৫০,৪৮ৰখন বিদ্যালয়ত খোৱাপানীৰ বাবে দমকল আৰু ৬১,৬২৭খন বিদ্যালয়ত খোৱাপানীৰ বাবে অসুৰক্ষিত কঁুৱাৰ ব্যৱহাৰ হয়৷ লগতে কয় যে ৮২,৭০৮খন বিদ্যালয়ত খোৱাপানীৰ বাবে সুৰক্ষিত কুঁৱাৰ ব্যৱহাৰ হয় আৰু ৭,১৫,১০২খন বিদ্যালয়ত খোৱাপানী টেপৰ জৰিয়তে হয়৷ একেদৰে ৬৮,৩৭৪খন বিদ্যালয়ত পানী যোগান আঁচনিৰ জৰিয়তে পানী যোগান ধৰা হয়৷ মন্ত্ৰীগৰাকীয়ে কয় ২,৮৬,৩১০টা অংগনৱাড়ী কেন্দ্ৰৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰৰ ৫৩,৪৯৬টা কেন্দ্ৰত শৌচাগাৰৰ সুবিধা নাই৷ আনহাতে, ওৰিড়শাত ৪০,৪৪৪টা কেন্দ্ৰত শৌচাগাৰৰ ব্যৱস্থা নাই৷ ৰাজস্থানৰ ২৯,০৯৮টা অংগনৱাড়ী কেন্দ্ৰত শৌচাগাৰৰ সুবিধা নাই বুলি উল্লেখ কৰাৰ উপৰি অসমৰ ২২,৮১৯ টা কেন্দ্ৰত শৌচাগাৰৰ সুবিধা নাই৷ তেওঁ লগতে কয় যে পশ্চিমবংগত ২০,৮৮৪টা, তেলেংগানাত ১৮,০৭২ টা, অন্ধ্ৰপ্ৰদেশত ১৪,৭৩১টা, কৰ্নাটকত ১৩,৫১৮ টা, উত্তৰ প্ৰদেশত ১২,৮৯১টা আৰু ঝাৰখণ্ডত ১২,৮৮৩টা অংগনৱাড়ী কেন্দ্ৰত শৌচাগাৰৰ সুবিধা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here