Home Main Stories অক্সিজেনৰ অভাৱত অন্ধ্ৰ প্ৰদেশৰ হাস্পতালত ১১, গোৱা চৰকাৰী হাস্পতালত ২৬ জনৰ মৃত্যু

অক্সিজেনৰ অভাৱত অন্ধ্ৰ প্ৰদেশৰ হাস্পতালত ১১, গোৱা চৰকাৰী হাস্পতালত ২৬ জনৰ মৃত্যু

63
0

নতুন দিল্লী, ১১ মে’ : কোৰোনাৰ দ্বিতীয়টো লহৰৰ সময়ছোৱাত অক্সিজেনৰ অভাৱত ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱাৰ ঘটনা এতিয়া দেশৰ ভিতৰচ’ৰাত স্বাভাৱিক ঘটনা হৈ পৰিছে। দৈনিক এনে ঘটনা এতিয়া দেশৰ ভিতৰত ঘটিবলৈ ধৰিছে। ৰাজধানী দিল্লীকে ধৰি দেশৰ সকলো প্ৰান্ততেই এতিয়া অক্সিজেনৰ নাটনিয়ে দেখা দিছে। পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ যে অক্সিজেনৰ অভাৱতেই বহু ক’ভিড আক্ৰান্ত ৰোগীয়ে অকালতে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে।
অক্সিজেনৰ অভাৱত অন্ধ্ৰ প্ৰদেশৰ হাস্পতালত ১১জন ক’ভিড ৰোগীৰ সোমবাৰে নিশা মৃত্যু ঘটিছে। অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিৰ এখন চৰকাৰী হাস্পতালত এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হৈছে। হাস্পতালখনৰ কতৃÇপক্ষই প্ৰকাশ কৰা অনুসৰি আই চি ইউ ৱাৰ্ডত অক্সিজেনৰ নাটনিয়ে দেখা দিয়াৰ ফলত ১১জন ৰোগীৰ মৃত্যু ঘটিছে। এই ৰোগীকেইজন ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছিল। একেদৰে গোৱাৰ চৰকাৰী হাস্পতালত ২৬জন ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু ঘটিছে।
অক্সিজেনৰ অভাৱতেই এই ৰোগীকেইজনৰ আজি মৃত্যু ঘটা বুলি আশংকা প্ৰকাশ কৰিছে। গোৱাৰ স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি গোৱা মেডিকেল কলেজ এণ্ড হাস্পতালত ২৬জন ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু ঘটিছে। মৃত্যুৰ কাৰণ প্ৰকাশ কৰা নাই যদিও গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে ইংগিত প্ৰদান কৰি কয় যে মৃত্যুৰ কাৰণ অক্সিজেনৰ অভাৱ হ’ব পাৰে। স্বাস্থ্যমন্ত্ৰী বিশ্বজিৎ ৰাণেই এই মৃত্যুৰ কাৰণৰ সম্ভেদ উলিয়াবলৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰা তদন্ত কৰাৰ দাবী তুলিছে। তেওঁ কয় যে হাস্পতালখনত ১,২০০ অক্সিজেন চিলিণ্ডাৰৰ প্ৰয়োজন আছিল যদিও চৰকাৰে কেৱল ৪০০ চিলিণ্ডাৰহে যোগান ধৰিবলৈ সক্ষম হৈছিল। ২৬জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ ঘটনাটো পুৱতি নিশা ২ বজাৰ পৰা ৬ বজাৰ ভিতৰত সংঘটিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here