Home অসম সাফল্যৰ ২৯ বছৰীয়া যাত্ৰা: ‘গণ অধিকাৰ’ৰ জনমুখী যাত্ৰা আৰু ইয়াৰ নেপথ্যৰ শুভাকাংক্ষী...

সাফল্যৰ ২৯ বছৰীয়া যাত্ৰা: ‘গণ অধিকাৰ’ৰ জনমুখী যাত্ৰা আৰু ইয়াৰ নেপথ্যৰ শুভাকাংক্ষী ব্যক্তিৰ অৰিহণা

519
0

ছাহজাহান তালুকদাৰ , ৩১ জুলাই : বৰপেটা জিলাত ‘অধিকাৰ গোষ্ঠী’ৰ দ্বাৰা গণ অধিকাৰ নামেৰে অংকুৰিত বীজৰ গজালিয়ে এতিয়া গুৱাহাটীত আজি ‘দৈনিক গণ অধিকাৰ’ৰ দৰে এক বৃহৎ বটবৃক্ষৰ ৰূপ লৈ যিহেতু ২৯টা বছৰত ভৰি দিলে, এই তিতা-কেঁহা, মিঠা-জ্বলা ২৯ বছৰৰ অভিজ্ঞতাই আমাক এক বিৰল অভিজ্ঞতা দিছে৷ কাৰণ, আমি যি বীজ অংকুৰিত কৰিছিলো সেই সময়ত কংগ্ৰেছ দলৰ সংখ্যালঘু নেতাসকলে আমাক চকুৰ কুটা দাঁতৰ শূলৰ দৰে বৈৰীজ্ঞান কৰিছিল৷ আমাৰ সংখ্যালঘু জনগোষ্ঠীৰ শিক্ষিত বৌদ্ধিক মহলে জনতাৰ বুকুৰ মাজত জীয়াই ৰাখিবলৈ জীৱন -মৰণ একাকাৰ কৰি গণ অধিকাৰৰ প্ৰতিটো পল-অনুপলত দোৱা দিছিল৷ সেই জনতাৰ দোৱাত আমি স্বাৰ্থপৰ, ক্ষমতালোভী কংগ্ৰেছী নেতাসকলৰ অনেক চক্ৰান্তৰ পিছতো মেৰুদণ্ড পোন কৰি ২৯টা বছৰ সগৌৰৱেৰে, সাফল্যৰে আগবাঢ়িলো৷ সংখ্যালঘু জনগোষ্ঠীৰ প্ৰকৃত সামাজিক, ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰি তুলি এই গণ অধিকাৰৰ মঞ্চখনৰ সত্যনিষ্ঠ দৃঢ়তা আৰু নিৰ্ভিক সাহসৰ বাস্তৱতা আজি আমাৰ লগত জড়িত পুৰণি সংগ্ৰামী সতীৰ্থসকলৰো অনেক ত্যাগ আৰু অৱদান আছে৷ আমি যি সময়ত এই যাত্ৰা আৰম্ভ কৰিছিলো তাৰ বহু আগৰে পৰা সংখ্যালঘুৰ মাজত আধিপত্য বিস্তাৰ কৰিবলৈ কংগ্ৰেছ দলৰ গোৱালপাৰাৰ তথাকথিত দুৰ্নীতিগ্ৰস্ত এজন মন্ত্ৰীয়ে ‘প্ৰতিদিন’ নামেৰে এখন কাকতৰ জন্ম দিছিল৷ সেই সময়ত সংখ্যালঘুৰ আন এজন বিয়াগোম নেতা গোলাম ওচমানীয়ে ‘জনক্ৰান্তি’ৰ জন্ম দিছিল৷ ঠিক একেদৰে পিছলৈ মধ্য অসমত শামন্তীয় প্ৰভুত্বৰে দপ্‌দপাই থকা এজন কংগ্ৰেছৰ চতুৰ সংখ্যালঘু মন্ত্ৰীয়ে এখন দৈনিক কাকত আৰু এটা টিভি চেনেলৰো জন্ম দিছিল৷ ৰাজনৈতিক পৃষ্ঠপোষকতাত জন্ম হোৱা সেই ‘প্ৰতিদিন’, ‘জনক্ৰান্তি’, ‘দৈনিক কাকত’, টিভি চেনেল আজি ডাইনাচোৰৰ দৰে বিলুপ্ত হৈ পৰিল৷ একেদৰে পুৰণি বিয়াগোম কংগ্ৰেছৰ মন্ত্ৰী জীৱকান্ত গগৈৰ কাকতো আজি বিলুপ্ত৷ কাৰণ, এই কাকতবোৰলৈ সেই সময়ত আহিছিল চৰকাৰী বিজ্ঞাপনৰ কোটিৰ হিচাবত ধন আৰু সাধাৰণ, ক্ষুদ্ৰ, মজলীয়া কাকতবোৰে এনে নেতাৰ দপ্‌দপনিত জনসংযোগৰ পৰা ফুটাকড়িৰ ৰূপতো বিজ্ঞাপন পোৱা নাছিল৷ মধ্য অসমৰ এইজনা সংখ্যালঘু মন্ত্ৰীৰ দপ্‌দপনি চলা বিভাগ আছিল তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ জনসংযোগ বিভাগ৷ ৰাজনৈতিক দলবোৰত থকা সংখ্যালঘুৰ নেতাসকলে দুখীয়াৰ ভোট লৈ যেতিয়া অঙহী-বঙহী আৰু দালাল ভক্তসকলক দুৰ্নীতিৰ ধনেৰে পোহপাল দিছিল তেতিয়া ‘গণ অধিকাৰ’ৰ আৱাজ তেওঁলোকৰ বাবে শুভ নাছিল৷ আমালৈ যাতে কোনো প্ৰকাৰৰ সহায় নাহে তাৰেই চক্ৰান্ত চলিছিল৷ সেই তিক্ত অভিজ্ঞতাই আজিও আমাৰ সঁচা যুদ্ধখনক বিৰক্ত কৰে, আমনি দিয়ে৷ তথাপি আমি গৈ থাকিম নিপীড়িত সংখ্যালঘুৰ বাবে আমাৰ এই বৌদ্ধিক জিহাদ জিন্দাবাদ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here