Home স্থানীয় যোৰহাট কেন্দ্ৰীয় কাৰাগাৰাত কভিডত আক্ৰান্ত ৩০ গৰাকী কয়দী

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰাত কভিডত আক্ৰান্ত ৩০ গৰাকী কয়দী

172
0

গণবাৰ্তা বিশেষ, যোৰহাট, ১১ জুন : সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো দৈনিক কভিডত আক্ৰান্ত হৈছে শতাধিক লোক| আজি যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ ৩০ জন কয়দী আৰু হাজোতিৰ দেহত কভিডৰ উপস্থিতিৰ তথ্য পোহৰলৈ আহে| বৃহস্পতি বাৰে কাৰাগাৰ খনৰ কয়দী সকলৰ কভিড টেষ্ট কৰোৱা হৈছিল যত ৩০ জনৰ দেহত ধৰা পৰে কভিড ১৯ পজিটিভ| ইয়াৰ পিছতে কাৰাগাৰ খনত কভিড আক্ৰান্ত কয়দী আৰু হাজোতিৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি পাই| কাৰাগাৰ কতৃপক্ষই জানিব দিয়া অনুসৰি ইয়াৰ পূৰ্বে ১২ জনৰ দেহত কভিড ১৯ পজিটিভ পোৱা গৈছিল আৰু ইয়াৰে ৮ জন সুস্থ হোৱাৰ বিপৰীতে ৪ জনক আছুতীয়া কক্ষত চিকিৎসা প্ৰদান কৰি থকা হৈছে| কিন্তু বৃহস্পতিবাৰে পূৰ্বে নিগেটিভ পোৱা কয়দী আৰু হাজোতিৰ দেহতো কভিড ১৯ পজিটিভ ধৰা পৰে| আনহাতে কাৰাগাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি এজন কয়দীৰ ডায়েবেটিচ ৰোগত অসুস্থ হৈ মৃত্যু হয়| যাৱজ্জীৱন কৰাদণ্ডৰে দণ্ডিত থকা তনুৱাৰ ৰবিদাস নামৰ ব্যক্তিজনৰ কাৰাগাৰত দেহাৱসান ঘটে| কাৰাবন্দী জনৰ দেহত পেচমেকাৰ লগোৱা আছিল বুলি জানিব পৰা গৈছে| বৰ্তমান কাৰাগাৰ খন মুঠ ৩৪ জন কাৰাবন্দীক কাৰাগাৰৰ ভিতৰত থকা আছুতীয়া কক্ষত ৰখা হৈছে বুলি কাৰাগাৰ কতৃপক্ষই জানিব দিয়ে| উল্লেখযোগ্য যে কাৰাগাৰ খনত প্ৰায় ৫০০ জন কয়দী আৰু হাজোতি আছে|

LEAVE A REPLY

Please enter your comment!
Please enter your name here