Home অসম বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত অসমত ৩২,৭১০ টা এম এছ এম ই স্থাপন:...

বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত অসমত ৩২,৭১০ টা এম এছ এম ই স্থাপন: এম এছ এম ই-উদ্যোগ খণ্ডৰ দুখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰ

190
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ ছেপ্টেম্বৰ ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এম এছ এম ই সন্মিলনত অসম লজিষ্টিক এণ্ড ৱেৰহাউছিং পলিচি ২০২২ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ উল্লেখ্য যে, ৰাজ্যৰ অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ বাবে অসমক আঞ্চলিক ‘লজিষ্টিক হাব’ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে এই নীতি গ্ৰহণ কৰা হৈছে৷ আনহাতে, সন্মিলনত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ উপস্থিতিত অসম চৰকাৰে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে আৰ্থিক সুবিধা সৃষ্টিৰ উদ্দেশ্যৰে চি জি টি এম এছ ইৰ সৈতে এক বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ তদুপৰি, অসম ষ্টাৰ্ট আপ ভেঞ্চাৰ ফাণ্ডৰ বাবে ছিডবি ভেঞ্চাৰ কেপিটেলৰ সৈতেও আজি চৰকাৰে আন এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰ কৰে৷ উল্লেখ্য যে, অসম চৰকাৰৰ ১০০ কোটি টকা, ছিডবিৰ ৫০ কোটি টকা আৰু অন্যান্য বিনিয়োগকাৰীৰ ৫০ কোটি টকাৰে মুঠ ২০০ কোটি টকাৰ এই ছিডবি ভেঞ্চাৰ কেপিটেল ফাণ্ড গঠন কৰাৰ উদ্যোগ লোৱা হৈছে৷ এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ দিনটোক ৰাজ্যৰ উদ্যোগ খণ্ডৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে৷ এই বুজা-বুজি চুক্তিৰ ফলত ক্ষিপ্ৰ উদ্যোগীকৰণৰ সূচনা হোৱাৰ লগতে এম এছ এম ই খণ্ডত সংস্কাৰ সাধনতো সহায়ক হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক্ৰেডিট গেৰাণ্টি ফাণ্ড ট্ৰাষ্ট ফ’ৰ মাইক্ৰ’ এণ্ড স্মাল এণ্টাৰপ্ৰাইজ [চি জি টি এম এছ এ]ৰ সৈতে হোৱা সহযোগিতাৰ উদ্দেশ্য হৈছে অসমৰ ক্ষুদ্ৰ আৰু লঘু ইউনিটসমূহক ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে দিয়া ঋণৰ বাবে অতিৰিক্ত নি(য়তা প্ৰদান কৰা৷ তেওঁ কয় যে আঁচনিখনত ঋণৰ নি(য়তা সামৰি ৮০ শতাংশ চি জি টি এম এছ ই এ প্ৰদান কৰিব আৰু ২০ শতাংশ ৰাজ্য চৰকাৰে প্ৰদান কৰিব৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ছিডবিৰ কৰ্পাছ সমৰ্থনে দিয়া ফলপ্ৰসূ দিশসমূহৰ কথাও উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ছিডবিৰ সৈতে স্বাক্ষৰিত আন এক বুজা-বুজিৰ চুক্তিৰ অধীনত প্ৰস্তাৱিত অসম ষ্টাৰ্ট আপ ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ বাবে ছিডবি ভেঞ্চাৰ কেপিটেল ফাণ্ডে বিনিয়োগ পৰিচালক হিচাপেও কাম কৰিব৷ ছিডবিয়ে সহযোগী প্ৰতিষ্ঠান এছ ভি চি এলৰ জৰিয়তে অসম ষ্টাৰ্ট আপ ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ অংশীদাৰ হিচাপে ৰাজ্যত এম এছ এম ইকে ধৰি ষ্টাৰ্ট আপসমূহৰ সংগঠিত উন্নয়ন আৰু বিকাশৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে মিলি এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰিব৷ মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত অসমত এক শক্তিশালী এম এছ এম ই পৰিৱেশ গঢ়ি তোলাৰ বাবে যুৱ উদ্যোগীসকলক অধিক যত্নপৰ হ’বলৈ আহ৩ান জনায়৷ তেওঁ কয় যে বজাৰ ব্যৱস্থাটোত আজি তীব্ৰ প্ৰতিযোগিতা আহিছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্যৱসায়িক স্থিতি শক্তিশালী কৰিবলৈ হ’লে এম এছ এম ই সমূহে নিজৰ উৎপাদিত সামগ্ৰীৰ গুণমান উন্নত কৰিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে এম এছ এম ই খণ্ডৰ বিষয়ে আলোকপাত কৰি কয় যে ৰাজ্যত ৬৬ হাজাৰৰো অধিক উদ্যোগ আছে৷ এই উদ্যোগসমূহে ৰাজ্যৰ জিডিপিলৈ ২৮ শতাংশ অৰিহণা যোগায়৷ এই ঔদে্যাগিক গোটসমূহৰ ভিতৰত ৮৮ শতাংশ ক্ষুদ্ৰ, ১১.প্ত শতাংশ লঘু আৰু মজলীয়া উদ্যোগ৷ এম এছ এম ইয়ে ৰাজ্যখনৰ ঔদ্যোগিক খণ্ডৰ ৯৯.প্ত শতাংশ অংশক প্ৰতিনিধিত্ব কৰিছে বুলি সদৰী কৰি তেওঁ লগতে কয় যে ২০১৬ চনৰ পৰা ২০২১ চনলৈ বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অধীনত অসমত ৩২,৭১০ টা এম এছ এম ই স্থাপন কৰা হৈছে৷ ইয়াত ১৩,৪৪০ টা উদ্যোগ উৎপাদন খণ্ডত জড়িত হৈ আছে আৰু ৰ,৩০,২৯৪ জন যুৱকে কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে৷ সন্মিলনত মুখ্যমন্ত্ৰীয়ে কয় যে অসমক আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত এম এছ এম ইৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ এম এছ এম ই সমূহে নিজকে সু-সংগঠিত কৰি বৃহৎ উদ্যোগ হিচাপে আত্মপ্ৰকাশ কৰিব লাগিব আৰু নতুন প্ৰজন্মক উদ্যোগীকৰণৰ দিশত অনুপ্ৰাণিত কৰিব লাগিব৷ চাকৰি বিচৰাৰ পৰিৱৰ্তে চাকৰি সৃষ্টিকাৰী যুৱক-যুৱতী গঢ়ি তোলাৰ ক্ষেত্ৰত এম এছ এম ইসমূহে নতুন প্ৰজন্মৰ বাবে এক আদৰ্শ দাঙি ধৰিব লাগিব৷ তেওঁ এই ক্ষেত্ৰত ৰাজ্যৰ যুৱক-যুৱতীসকলক আগবাঢ়ি আহিবলৈ আহ৩ান জনায়৷ তেওঁ লগতে আজি হোৱা বুজা-বুজিৰ চুক্তিসমূহৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈও ৰাজ্যৰ যুৱ সমাজলৈ আহ৩ান জনায়৷ আজিৰ এই অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়া, ছিডবিৰ চি এম ডি এম ৰমন, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাৰ লগতে উদ্যোগ বিভাগৰ শীৰ্ষ বিষয়া, এম এছ এম ই খণ্ডৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here